কাইলৈ টৰণ্টো চলচ্চিত্র মহোৎসৱত অলংকৃতা বৰাৰ ‘তাৰা এণ্ড আকাশ’

🔹 হিন্দী–ইংৰাজী ভাষাত নির্মিত পূর্ণদৈর্ঘ্যৰ ছবিখনত নায়িকাৰ চৰিত্রত অলংকৃতা

বিশেষ বাৰ্তা, ৬ ছেপ্টেম্বৰ : কানাডাৰ টৰণ্টো আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত কাইলৈ প্রদর্শিত হ’ব অসম জীয়ৰী অলংকৃতা বৰাৰ ‘তাৰা এণ্ড আকাশ’ (Tara and Akash : Love beyond Realm) নামৰ পূর্ণদৈর্ঘ্য হিন্দী আৰু ইংৰাজী ভাষাত নির্মিত চিনেমাখন৷ ভাৰতীয় চলচ্চিত্র উন্নয়ন নিগম আৰু ছুইজাৰলেণ্ড চৰকাৰৰ সহযোগত মুম্বাইৰ ডব্লিউএফইৰ প্রযোজনাত নির্মিত ছবিখনৰ নায়িকাৰ চৰিত্রত অভিনয় কৰিছে মুম্বাই নিবাসী অলংকৃতা বৰাই৷ পূর্বৰ মিছ ভিভা ইউনিভার্ছ (ইণ্ডিয়া)ৰ ফাইনেলিষ্ট অলংকৃতাই নায়িকা তাৰাৰ চৰিত্রত অভিনয় কৰাৰ উপৰি প্রযোজনা সংস্থাটোৰো অংশীদাৰ৷ বিশ্বৰ পাঁচখন শ্রেষ্ঠ চলচ্চিত্র মহোৎসৱৰ অন্যতম টৰণ্টো আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত কাইলৈ চিনেমাখনৰ ৱর্ল্ডৱাইড প্রিমিয়াৰৰ প্রদর্শন হ’ব৷ প্রখ্যাত অভিনেতা আমোল পালেকাৰ আৰু দীপ্তি নাভেলৰ লগতে বিজেন্দ্র কালৰাই ছবিখনত অভিনয় কৰিছে৷ নায়কৰ ভূমিকাত পূর্বৰ মিষ্টাৰ চুপ্রানেচনেল জীতেশ ঠাকুৰে অভিনয় কৰিছে৷ ছবিখনৰ পৰিচালনা কৰিছে শ্রীনিৱাস আব্রুলে৷ সংগীত পৰিচালনা কৰিছে চি সত্যই আৰু গীতিকাৰ গিনি দিৱান৷ ছবিখনক লৈ এনএফডিচিৰ মুখ্য প্রবন্ধক আৰু ছুইজাৰলেণ্ড ট্যুৰিজিমৰ সঞ্চালকে প্রকাশ কৰিছে যে চলচ্চিত্র উদ্যোগত ‘তাৰা আৰু আকাশ’– এ উল্লেখনীয় মাইলৰ খুঁটি ৰূপে চিহ্ণিত হ’ব৷ ছবিখনত প্রাচীন মহৎ ভাৰতীয় দর্শন আৰু ছুইজাৰলেণ্ডৰ অনুপম সৰগীয় প্রাকৃতিক শোভাৰ এক সন্মিলিত হূদয়স্পর্শী সাংস্কৃতিক পৰিক্রমা প্রতিফলিত হ’ব৷ অলংকৃতাই অভিনয় কৰা তাৰা নামৰ চৰিত্রৰ জৰিয়তে ২২ বছৰীয়া এগৰাকী তৰুণীৰ আত্মানুসন্ধান যাত্রা আৰম্ভ কৰিয়েই ছবিখনৰ মূল কাহিনীভাগ আগবাঢ়িছে৷ টৰণ্টো আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত ছবিখন প্রদর্শনৰ জৰিয়তে ভাৰতীয় সভ্যতা–সংস্কৃতিৰো বিশ্বজনীন প্রচাৰৰ এক সুবিধা মুকলি হৈছে৷ ভাৰত নাট্যম, কথক নৃত্য আৰু বিহুনাচৰ সুদক্ষ শিল্পী অলংকৃতাই দুখন হিন্দী চিনেমাত নায়িকা হিচাপে সফল অভিনয় কৰিছিল৷ ইয়াৰে ‘ডিভাইণ্ড ৰোমাঞ্চ’ ডিজনী প্লাছ হটষ্টাৰত প্রদর্শিত হৈছিল আৰু লণ্ডন চলচ্চিত্র মহোৎসৱত প্রশংসিত হৈছিল৷ ইয়াৰ পূর্বে অলংকৃতাই টানিস্ক, লে’জ, কাৱেৰী, ভিক’, এনাম’ৰ কালাৰবাৰ আদি বিজ্ঞাপনত অংশ লৈছিল৷ ইতিমধ্যে টৰণ্টোত উপস্থিত হৈছে অলংকৃতা বৰা৷ চলচ্চিত্র মহোৎসৱৰ ৰেড কার্পেটত অলংকৃতা বৰাই হলীউডৰ প্রখ্যাত অভিনেতাৰ স’তে খোজ দিয়াৰ সুযোগ লাভ কৰিছে৷

Featured