নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ মাজ আকাশত বিমানৰ ইঞ্জিনত জুই জ্বলাৰ পিছতো বিমানখন নিৰাপদে বন্দৰত অৱতৰণ কৰাই পাইলটে বিশ্বজুৰি প্রশংসা লাভ কৰিবলৈ সক্ষম হৈছে৷ এই ঘটনা আমেৰিকাৰ৷ ডেনভাৰৰ পৰা হনুলুলুলৈ ইউনাইটেড এয়াৰলাইনছৰ বয়িং ৭৭৭–২০০ বিমানখনে কঢ়িয়াই আনিছিল ২৩১গৰাকী যাত্রী৷ ইয়াৰ উপৰি বিমানখনত আছিল ১০গৰাকী পাইলট তথা অন্যান্য কর্মী৷ উৰণৰ পিছতে বিমানখনৰ ইঞ্জিনৰ পৰা হঠাতে জুই জ্বলিবলৈ ধৰে৷ এই জুই জ্বলাৰ পিছতে ইঞ্জিনৰ এটা খণ্ড ক’লোৰাডোৰ আৱাসিক অঞ্চলতে পৰি যায়৷ লগে লগে স্থানীয় বাসিন্দাসকলৰ আকাশত জ্বলি থকা বিমানখনৰ দৃশ্য নজৰলৈ আহে৷
ইতিমধ্যে ইয়াৰ ভিডিঅ’ বিয়পি পৰিছে সংবাদ মাধ্যমত৷ কিন্তু তাৎক্ষণিকভাৱে বিমানখন পাইলটগৰাকীয়ে ডেনভাৰলৈ ওভতাই আনিবলৈ সক্ষম হয়৷ উৰণৰ মাত্র ৩০ মিনিট পিছতেই পুনৰ বিমানখন অৱতৰণ কৰে ডেনভাৰ বন্দৰত৷ শিহৰণকাৰী এই ঘটনাক লৈ ইতিমধ্যে আমেৰিকাৰ সংবাদ মাধ্যমত চলিছে ব্যাপক চর্চা৷ বিমানখনৰ এটা ইঞ্জিনৰ বিস্ফোৰণ ঘটাৰ পিছত মাজ আকাশত যাত্রীসকলৰ মাজত হাহাকাৰ লাগে৷ অৱশ্যে এনে ভয়াৱহ ঘটনাৰ মাজতো পাইলটে বিমানখন নিৰাপদে বন্দৰত অৱতৰণ কৰাবলৈ সক্ষম হোৱাৰ ফলত সকলো যাত্রীৰ জীৱন ৰক্ষা পৰে৷