টাইৱানক জোকাৰিলে ৭.৪ প্ৰাবল্যৰ ভূমিকম্পই

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ এপ্ৰিলঃ আজি পুৱা টাইৱানত ৭.৪ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ ফলত জাপানৰ যোনাগুনি দ্বীপতো চুনামিৰ সৃষ্টি হয় আৰু ইয়াৰ ফলত কমেও চাৰিজন লোক নিহত হোৱাৰ লগতে কেইবা ডজন লোক আহত হয়। ১৯৯৯ চনত দেশখনৰ নানটৌ কাউন্টিত ৭.২ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ ফলত ২৫০০ৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে ১৩০০ৰো অধিক লোক আহত হোৱাৰ পিছত এইটোৱেই হৈছে টাইৱানত ২৫ বছৰৰ ভিতৰত হোৱা আটাইতকৈ শক্তিশালী ভূমিকম্প। স্থানীয় অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলে জনোৱা মতে, ভূমিকম্পৰ কেন্দ্ৰবিন্দু হুয়ালিয়েন কাউন্টিত এই চাৰিজন লোকৰ মৃত্যু হোৱা বুলি এছ’চিয়েটেড প্ৰেছে প্ৰকাশ কৰিছে। ৰয়টাৰ সংবাদ সংস্থাৰ মতে, হুয়ালিয়ানত শিল সৰি পৰাৰ ফলত ৫০ জনতকৈ অধিক লোক আহত হয়। ভূমিকম্পৰ ফলত হুয়ালিনত অট্টালিকাসমূহৰো ক্ষতিসাধন হোৱাৰ বিপৰীতে সমগ্ৰ টাইৱানত ৰে’ল সেৱা বন্ধ হৈ পৰে। বিদ্যালয় আৰু চৰকাৰী কাৰ্যালয়ক শ্ৰেণী আৰু কাম বাতিল কৰাৰ বিকল্প দিয়া হৈছিল। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে (USGS) এই ভূমিকম্পৰ প্ৰাবল্য ৭.৪ বুলি কোৱাৰ বিপৰীতে টাইৱানৰ ভূমিকম্প নিৰীক্ষণ সংস্থাই ৰিখটাৰ স্কেলত ৭.২ জোখ বুলি কয়। পুৱা ৭.৫৮ বজাত হুয়ালিয়েনৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ দক্ষিণ-দক্ষিণ-পশ্চিমে আৰু প্ৰায় ৩৫ কিলোমিটাৰ গভীৰতাত সংঘটিত হয় এই ভূমিকম্প। ইউ এছ জি এছে জনোৱা মতে, টাইপেইত একাধিক আফটাৰশ্বক সংঘটিত হয়, য’ত ৬.৫ মাত্ৰা আৰু প্ৰায় ১১.৮ কিলোমিটাৰ গভীৰতাৰ এটাও আছিল। হুয়ালিনৰ এটা পাঁচ মহলীয়া অট্টালিকা আংশিকভাৱে প্ৰথম মহলালৈ ভাঙি যোৱাৰ ফলত অট্টালিকাটো ৪৫ ডিগ্ৰী কোণত হেলনীয়া হৈ পৰে। ইফালে সমগ্ৰ টাইৱানতো ৰে’ল সেৱা বন্ধ কৰি দিয়া হৈছিল আৰু ৰাজধানী টাইপেইত অট্টালিকাৰ পৰা টাইলছ সৰি পৰাৰ খবৰ আহিছিল। এছ’চিয়েটেড প্ৰেছে প্ৰকাশ কৰা অনুসৰি দ্বিতীয় বিশ্বযুদ্ধৰ পূৰ্বে নিৰ্মাণ কৰা ৰূপান্তৰিত বিদ্যালয় ৰাষ্ট্ৰীয় বিধানসভাৰ দেৱাল আৰু চিলিঙৰ ক্ষতিও হৈছে। ভূমিকম্পৰ ফলত ভূমিস্খলনৰো সূচনা হয়, যাৰ ফুটেজ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। জাপানত কৰ্তৃপক্ষই জনোৱা মতে, টাইৱানত ভূমিকম্পৰ প্ৰায় ১৫ মিনিট পিছত যোনাগুনি দ্বীপত প্ৰায় ১ ফুট জোখৰ চুনামিৰ ঢৌ ধৰা পৰিছে। জাপান বতৰ বিজ্ঞান সংস্থাই অকিনাৱা প্ৰিফেকচাৰৰ উপকূলীয় অঞ্চলৰ বাসিন্দাসকলৰ বাবে চুনামিৰ সতৰ্কবাণী জাৰি কৰিছিল আৰু দেশখনৰ দক্ষিণ-পশ্চিম উপকূলত ৩ মিটাৰ পৰ্যন্ত চুনামীৰ ঢৌ পোৱাৰ সম্ভাৱনা আছে বুলি সকীয়াই দিছিল। জে এম এৰ মতে, ২৬ বছৰৰ ভিতৰত অকিনাৱাত এইটোৱেই আছিল প্ৰথমটো চুনামীৰ সতৰ্কবাণী, ১৯৯৮ চনত ইছিগাকি দ্বীপৰ দক্ষিণে ৭.৭ ৰ ভূমিকম্পৰ পিছত শেষৰটো সতৰ্কবাণী জাৰি কৰা হৈছিল।

Featured