বাৰ বছৰীয়া কিশোৰীক বিয়া কৰাবলৈ গৈ পাকিস্তানত গ্রেপ্তাৰ বৃদ্ধ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ জুনঃ বিয়া পাগল বৃদ্ধ পাকিস্তানৰ ৭২ বছৰীয়া এজন বৃদ্ধই ১২ বছৰীয়া এজনী নাবালিকাক বিয়া কৰোৱাৰ চেষ্টা চলাইছিল৷ ইয়াৰ বাবে এই নাবালিকাৰ পিতৃক পাঁচ লাখ পাকিস্তানী টকাও দিছিল বৃদ্ধই৷ কিন্তু দেশখনৰ আৰক্ষীয়ে এই ষড়যন্ত্র ব্যর্থ কৰিলে৷ গ্রেপ্তাৰ হৈছে বৃদ্ধ৷ অৱশ্যে নাবালিকাৰ পিতৃ পলাতক অৱস্থাত আছে৷ হাবিব খান নামৰ ৭২ বছৰীয়া ব্যক্তিগৰাকীৰ সৈতে ১২ বছৰীয়া কিশোৰীৰ নিকাহৰ দিন নির্ধাৰণ কৰা হৈছিল৷ কিন্তু এই খবৰ পূর্বেই লাভ কৰে প্রশাসনে৷ গতিকে এই বিয়া বন্ধ কৰাৰ বাবে আৰক্ষীয়ে তৎপৰতা দেখুৱায়৷ বিয়াৰ পূর্বে গ্রেপ্তাৰ কৰা হয় হাবিবক৷ হাবিবৰ বিৰুদ্ধে বাল্যবিবাহ প্রতিৰোধ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে৷ অভিযুক্ত কৰা হৈছে নাবালিকাৰ পিতৃ আলম ছয়ীদকো৷ আৰক্ষীয়ে ছয়ীদক গ্রেপ্তাৰ কৰিবলৈ অভিযান তীব্রতৰ কৰিছে৷ স্মর্তব্য যে এই ঘটনা কোনো বিক্ষিপ্ত নহয়৷ সমগ্র পাকিস্তানত বাল্যবিবাহ এক বৃহৎ সমস্যা৷ দেশখনৰ ৩০ শতাংশ মহিলা ১৬ বছৰৰ পূর্বেই বিবাহপাশত আবদ্ধ হয়৷ স্মর্তব্য যে দেশখনত বিয়াৰ নূ্যনতম বয়স হৈছে ১৬ বছৰ৷

Featured