পাকিস্তানত নির্বাচনৰ প্রাক্ক্ষণত নির্দলীয় প্রার্থীৰ কার্যালয়ত বিস্ফোৰণত নিহত ২৬

🔹 বেলুচিস্তানত সন্ত্রাসবাদীৰ ভয়ংকৰ আক্রমণ

বিশেষ বাৰ্তা, ৮ ফেব্রুৱাৰী : পাকিস্তানত সংসদীয় নির্বাচনৰ প্রাক্ক্ষণত কালি দেশখনৰ বেলুচিস্তানৰ পিচিন জিলাত নির্দলীয় প্রার্থীৰ নির্বাচনী কার্যালয়ত বোমা বিস্ফোৰণ ঘটে৷ সন্ত্রাসবাদীয়ে প্রথমটো বোমাৰে নির্দলীয় প্রার্থীৰ কার্যালয়ত আক্রমণ কৰাৰ কিছু সময়ত পাছত জিলাখনৰে সীমান্তৱর্তী অঞ্চলৰ জেইউআই দলৰ নির্বাচনী কার্যালয়ৰ সন্মুখত দ্বিতীয়টো বোমাৰে আক্রমণ কৰে৷ দুটাকৈ বোমা আক্রমণত অতিকমেও ২৬জন লোক নিহত হোৱাৰ বিপৰীতে দুই ডজন লোক আহত হৈছে৷ প্রাদেশিক চৰকাৰে প্রকাশ কৰা মতে, বোমাৰ আক্রমণত গুৰুতৰভাৱে আহত হোৱা কেইবাজনো লোকক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে যদিও আহতকেইজনৰ অৱস্থা সংকটজনক৷ এনে ক্ষেত্রত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাটো নিশ্চিত৷ সাধাৰণ নির্বাচনৰ পূর্বে প্রার্থীৰ কার্যালয়ত আক্রমণ চলোৱা ঘটনাটো সন্দর্ভত এতিয়ালৈকে কোনো সন্ত্রাসবাদী সংগঠনে আনুষ্ঠানিকভাৱে দায়িত্ব স্বীকাৰ কৰা নাই৷ নির্বাচনৰ প্রাক্ক্ষণত এনে বিস্ফোৰণে ভোটদাতাৰ মাজত শংকাৰ সৃষ্টি কৰে৷ চৰকাৰে ভোটদাতাসকলক ভোটদানৰ সময়ত সজাগ আৰু সচেতন হ’বলৈ আহ্বান জনাইছে৷ সন্ত্রাসবাদীৰ শক্তিশালী ভেটি থকা অঞ্চলসমূহৰ ভোটগ্রহণ কেন্দ্রত নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰি তোলা হৈছে৷ ভোটদাতাসকলক অনাহকত ভিৰ কৰি পৰিৱেশ শংকাময় কৰি নুতুলিবলৈও নির্বাচনী বিষয়াই আহ্বান জনাইছে৷

Featured