হিন্দু ছাত্রীক বলপূর্বক হিজাব পৰিধান কৰোৱাৰ চেষ্টা

🔹 দুই শিক্ষকক চাকৰিৰ পৰা বর্খাস্ত চৰকাৰৰ

বিশেষ বাৰ্তা, ২৯ ছেপ্টেম্বৰ : বাংলাদেশৰ সংখ্যালঘু হিন্দু সম্প্রদায়ৰ ওপৰত নির্যাতনৰ বিতর্ক এতিয়াও ওৰ পৰা নাই৷ দেশখনৰ কামাল কাছনা অঞ্চলৰ মুছলিমউদ্দিন উচ্চ বিদ্যালয়ৰ হিন্দু ছাত্রীক বলপূর্বকভাৱে শিক্ষকে হিজাব পৰিধান কৰোৱাৰ চেষ্টা চলোৱাক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ হিন্দু ছাত্রীক হিজাব পৰিধান কৰিবলৈ বাধ্য কৰোৱা সন্দর্ভত বিদ্যালয়ত হিন্দু ছাত্রীয়ে প্রতিবাদ সাব্যস্ত কৰাত বিদ্যালয় কর্তৃপক্ষই গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত কৰে৷ এই বৈঠকত হিজাব বলপূর্বকভাৱে পৰিধান কৰোৱাবলৈ চেষ্টা কৰা দুই শিক্ষকৰ বিৰুদ্ধে প্রস্তাৱ গ্রহণ কৰি শিক্ষা বিভাগলৈ প্রেৰণ কৰে৷ ইয়াৰ পাছতে চৰকাৰৰ শিক্ষা বিভাগে শিক্ষক দুজনক চাকৰিৰ পৰা বর্খাস্ত কৰে৷ উল্লেখ্য যে হিন্দু ছাত্রীক বলপূর্বকভাৱে হিজাব পৰিধান কৰিবলৈ শিক্ষক দুজনে ডাবি–ধমকি দিয়া ভিডিঅ’ আৰু হিন্দু ছাত্রীৰ প্রতিবাদৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্রচাৰ হোৱাৰ পাছতে জিলা প্রশাসনে স্কুল কর্তৃপক্ষৰ সৈতে বৈঠকত মিলিত হৈছিল৷ এই বৈঠকতে স্কুলৰ প্রধান শিক্ষক মোস্তাফিজুৰ ৰহমান আৰু ইছলামধর্মী শিক্ষক মৌলানা মোস্তাফিজুৰ ৰহমানৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ সিদ্ধান্ত লয়৷ সেইমর্মে দুয়োগৰাকী শিক্ষকক চাকৰিৰ পৰা বর্খাস্ত কৰা হৈছে৷ ইপিনে, ছ’চিয়েল মিডিয়াত এই ভিডিঅ’ প্রচাৰ হোৱাৰ পাছতে শিক্ষক দুজনে অস্বীকাৰ কৰাক লৈ প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে ছাত্র বিক্ষোভৰ ফলত প্রধানমন্ত্রী শ্বেইখ হাছিনাই পদত্যাগ কৰি ভাৰতলৈ পলায়ন কৰাৰ পাছত বাংলাদেশত হিন্দু সম্প্রদায়ৰ ওপৰত অকথ্য নির্যাতন চলোৱা হৈছিল৷

Featured