ছুপাৰ এইটত আজি ভাৰতৰ সন্মুখত বাংলাদেশ

🔹 তাৰকা বেটাৰৰ ব্যর্থতাত চিন্তিত ৰোহিত বাহিনী

বিশেষ বাৰ্তা, ২২ জুন : ছেমিফাইনেলত প্রৱেশ কৰাৰ লক্ষ্যৰে চলিত টি–২০ বিশ্বকাপৰ ছুপাৰ এইটৰ দ্বিতীয়খন মেচত আজি নামিব ৰোহিত শর্মা নেতৃত্বাধীন টীম ইণ্ডিয়া৷ ছুপাৰ এইটৰ গ্রুপ ‘১’ৰ আজি হ’বলগীয়া দ্বিতীয়খন মেচত ভাৰতৰ প্রতিদ্বন্দ্বী হ’ল বাংলাদেশ৷ প্রতিযোগিতাখনত এতিয়ালৈকে পৰাজয়ৰ মুখ নেদেখা ভাৰতীয় দলটোক তাৰকা বেটাৰৰ ব্যর্থতাই অধিক চিন্তিত কৰি তুলিছে৷ ইখনৰ পিছত সিখন মেচত ব্যর্থ হৈছে অধিনায়ক ৰোহিত শর্মাৰ লগতে বিৰাট কোহলি আৰু শিৱম ডুবে৷ কোহলিৰ এই ব্যর্থতাক লৈ অধিক চিন্তিত হৈ পৰিছে ভাৰতীয় দলটো৷ অৱশ্যে আজি মেচখনত কোহলিয়ে দীঘলীয়া ইনিংছ খেলিবলৈ সক্ষম হ’ব বুলি আশা ব্যক্ত কৰি দলটোৰ অধিনায়ক ৰোহিত শর্মাই কয় যে মোৰ লগতে দলটোৰ আগশাৰীৰ বেটাৰসকলে নিজৰ ছন্দ অনুসাৰে খেলিবলৈ সক্ষম হোৱা নাই৷ প্রতিযোগিতাখনত বর্তি থাকিবলৈ হ’লে আমাৰ ছন্দ ওভতাই অনাটো অতি জৰুৰী হৈ পৰিছে৷ বাংলাদেশক আমি সহজভাৱে ল’ব বিচৰা নাই৷ কাৰণ বাংলাদেশ হ’ল এটা যুঁজাৰু দল৷ আজিৰ মেচখনত দলটোৰ মূল একাদশত সালসলনি হ’ব নেকি বুলি সাংবাদিকে সোধা প্রশ্ণোত্তৰত অধিনায়কগৰাকীয়ে কয় যে পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি সেয়া সিদ্ধান্ত লোৱা হ’ব৷ ইফালে, বলাৰসকলক প্রশংসা কৰি কয় যে বিগত মেচকেইখনৰ জয়ৰ মূলতে হ’ল আমাৰ বলাৰসকল৷ বুমৰাহৰ লগতে বাকীকেইগৰাকী বলাৰেও নিজৰ ভূমিকা সুচাৰুৰূপে পালন কৰিছে৷ আশা কৰিছোঁ বাংলাদেশৰ বিপক্ষেও বলাৰসকলে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিব৷ আজি বাংলাদেশক পৰাস্ত কৰি প্রতিযোগিতাখনৰ ছেমিত স্থান সুৰক্ষিত কৰাই একমাত্র লক্ষ্য বুলি কয় ৰোহিত শর্মাই৷

Featured