কানপুৰ টেষ্টত বাংলাদেশৰ ‘ছুপাৰ ফেন’ টাইগাৰ ৰবিক আক্রমণ

🔹 ভাৰত-বাংলাদেশৰ দ্বিতীয়খন টেষ্টত অঘটন

নিউজ ডেস্ক, ২৮ ছেপ্টেম্বৰ : ভাৰত আৰু বাংলাদেশৰ মাজত কালিৰ পৰা কানপুৰত আৰম্ভ হৈছে শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্ট৷ অৱশ্যে বৰষুণৰ বাবে কালি প্রথম দিনা মাত্র ৩৫ অভাৰৰ খেলহে সম্ভৱ হয়৷ দিনটোৰ খেল সামৰণিলৈ বাংলাদেশে প্রথমে বেটিং কৰি ৩ উইকেটত ১০৭ ৰান সংগ্রহ কৰিছে৷ খেল চলি থকাৰ মাজতে গেলাৰীত সংঘটিত এক ঘটনাই সৃষ্টি কৰে ব্যাপক চাঞ্চল্যৰ৷ গেলাৰীত বহি থকা এগৰাকী বাংলাদেশী অনুৰাগীক প্রহাৰৰ অভিযোগ উত্থাপন হৈছে৷ অভিযোগ অনুসৰি, বাংলাদেশৰ বেটিঙৰ মাজতে দুপৰীয়াৰ আহাৰ গ্রহণৰ সময়ত গেলাৰীত বহি থকা বাংলাদেশ দলৰ ‘ছুপাৰ ফেন’ টাহগাৰ ৰবিক প্রহাৰ কৰে একাংশ ভাৰতীয় অনুৰাগীয়ে৷ এই আক্রমণৰ পিছত গেলাৰীতে ক্রন্দনৰত অৱস্থাত দেখা যায় টাহগাৰ ৰবিক আৰু এনে পৰিস্থিতিত ষ্টেডিয়ামত কর্তব্যৰত আৰক্ষীয়ে তেওঁক চিকিৎসালয়লৈ লৈ যায়৷ বাংলাদেশী অনুৰাগীগৰাকীয়ে গেলাৰীত বহি কিছু শ্ল’গান দি থকাৰ সময়তে কাষতে বহি থকা ভাৰতীয় অনুৰাগী কেইজনমানৰ সৈতে তর্ক আৰম্ভ হয়৷ এই তর্ক লাহে লাহে উত্তপ্ত হৈ পৰে আৰু ইয়াৰ পিছতে ভাৰতীয় অনুৰাগীসকলে ৰবিক প্রহাৰ কৰা বুলি অভিযোগ উত্থাপন হৈছে৷ আনহাতে, ঘটনাস্থলীত উপস্থিত থকা আৰক্ষীয়ে বাংলাদেশী অনুৰাগীজনক প্রহাৰৰ অভিযোগ অস্বীকাৰ কৰিছে৷ এগৰাকী আৰক্ষী বিষয়াৰ ভাষ্য মতে, বাংলাদেশী অনুৰাগীজনে উশাহ–নিশাহ লোৱাত অসুবিধা হৈছিল আৰু ভালদৰে কথাও ক’ব পৰা নাছিল৷ তেওঁৰ মতে অত্যধিক গৰমৰ বাবে এনে অৱস্থাৰ সন্মুখীন হৈছিল ৰবি৷ অৱশ্যে মেডিকেল ৰিপ’ৰ্ট পোৱাৰ পিছতহে বিষয়টোৰ বিষয়ে স্পষ্ট তথ্য দিব পৰা হ’ব বুলি তেওঁ লগতে কয়৷ আৰক্ষীয়ে আক্রমণৰ ঘটনা অস্বীকাৰ কৰিলেও বাংলাদেশী অনুৰাগীজনে তেওঁক আক্রমণ কৰা বুলি দাবী কৰিছে৷

Featured