উপকাৰীক অজগৰে খায় : গৃহহীনৰ প্ৰহাৰত ভাৰতীয় ছাত্ৰৰ মৃত্যু

বিশেষ বাৰ্তা, ৩০ জানুৱাৰী : উপকাৰীক অজগৰে খায়।- এই আপ্তবাক্য শাৰীয়েই সঁচা প্ৰমাণিত হ’ল আমেৰিকাত। বিবেক ছাইনী নামৰ ভাৰতীয় ছাত্ৰ এজনে প্ৰায়ে এজন গৃহহীন ব্যক্তিক খাদ্য দিছিল। তদুপৰি তেওঁ প্ৰায়ে ৰাতি আশ্ৰয়ৰ ব্যৱস্থা কৰি দিছিল। আমেৰিকাত সেই গৃহহীন লোকজনে হত্যা কৰিলে ভাৰতীয় ছাত্ৰজনক। ১৬ জানুৱাৰীত আমেৰিকাৰ জৰ্জিয়াত তেওঁক হত্যা কৰা হৈছিল। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, এদিন কিবা কাৰণত গৃহহীন লোকজনক গভীৰ নিশা ষ্ট’ৰৰ পৰা ওলাই যাবলৈ কোৱা হৈছিল। তেতিয়াই গৃহহীন লোকজনে হাতুৰীৰে বিবেকক আক্ৰমণ কৰে। বি-টেক পাছ কৰি বিবেক দুবছৰ আগতে আমেৰিকালৈ গৈছিল। পঢ়া-শুনাৰ লগতে বিবেকে বজাৰ এখনৰ ষ্ট’ৰতো কাম কৰিছিল। সেই বজাৰৰ এজন শ্ৰমিকে কয় যে বিবেককে ধৰি সকলোৱে নিয়মিতভাৱে গৃহহীন লোকজনক খুৱাইছিল। গৃহহীন লোকজনৰ নাম জুলিয়ান ফকনাৰ। তেওঁ প্ৰায়ে চিপছ, ক’কৰ লগতে পানী বিচাৰিছিল। সেই সকলোবোৰ তেওঁক দিয়া হৈছিল। এজন প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, ১৬ জানুৱাৰীৰ নিশা বিবেকে জুলিয়ানক দোকানৰ পৰা ওলাই যাবলৈ কয়। মান্তি নহ’লে পুলিচক ফোন কৰিব বুলি জনায়। ইয়াৰ পিছতে অভিযুক্তই বিবেকৰ মূৰত কমেও ৫০বাৰ হাতুৰীৰে আঘাত কৰে। ফলত থিতাতে ভাৰতীয় ছাত্ৰজনৰ মৃত্যু হয়। এই তথ্য লাভ কৰাৰ পিছতে আৰক্ষী সেই স্থানত উপস্থিত হয়। জুলিয়ান তেতিয়াও তাতেই থিয় হৈ আছিল। তেওঁৰ হাতৰ পৰা হাতুৰী আৰু দুখন কটাৰী জব্দ কৰে।

Featured