হত্যাত অভিযুক্ত তিনি ভাৰতীয়ক গ্রেপ্তাৰ কৰি আলোকচিত্র প্রচাৰ কানাডাৰ

🔹 খালিস্তানী সন্ত্রাসবাদী হৰদীপ সিং নিজ্জৰৰ হত্যাকাণ্ডত জড়িত ভাৰত ! 

বিশেষ বাৰ্তা, ৫ মে’ : কানাডাৰ ব্রিটিছ কলম্বিয়াত বিগত বর্ষৰ ১৮ জুনত গুৰুদ্বাৰৰ বাহিৰত খালিস্তানী সন্ত্রাসবাদী হৰদীপ সিং নিজ্জৰৰ হত্যাত ভাৰত জড়িত বুলি কানাডাই আনুষ্ঠানিকভাৱে প্রকাশ কৰাৰ পিছতে দুয়ো দেশৰ মাজত সম্পর্কৰ অৱনতি ঘটে৷ এনে সময়তে কানাডাৰ আৰক্ষীয়ে নিজ্জৰৰ হত্যাকাণ্ডত জড়িত থকা তিনি ভাৰতীয়ক গ্রেপ্তাৰ কৰি আলোকচিত্র প্রচাৰ কৰিলে কানাডাই৷ এলবার্টাৰ এডমণ্টন চহৰৰ পৰা ৰয়েল কানাডিয়ান মাউণ্টেড পুলিচে পৰহি গ্রেপ্তাৰ কৰা তিনি ভাৰতীয় কৰণ ব্রাৰ (২২), কমলপ্রীত সিং (২২) আৰু কৰণপ্রীত সিং (২৮) বুলি চিনাক্ত কৰা হৈছে৷ নিজ্জৰৰ হত্যাকাণ্ডত জড়িত থকা গাড়ীৰ ভিডিঅ’ ফুটেজৰ আধাৰত কানাডিয়ান আৰক্ষীয়ে তিনি অভিযুক্তক চিনাক্ত কৰি গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে কানাডাৰ নাগৰিক হৰদীপ সিং নিজ্জৰক ভাৰতে খালিস্তানী সন্ত্রাসবাদী হিচাপে ঘোষণা কৰিছিল৷ সন্ত্রাসবাদী নিজ্জৰক ভাৰতীয় চোৰাংচোৱাই হত্যা কৰা বুলি কানাডাই দাবী কৰি আহিছে৷

Featured