চেন্নাই টেষ্ট : ৩০৮ ৰানৰ অগ্রগতি ভাৰতৰ

🔹 পুনৰ ব্যর্থ ৰোহিত–কোহলি : বিধ্বংসী বুমৰাহ

🔹 প্রথম ইনিংছত বাংলাদেশৰ ১৪৯

নিউজ ডেস্ক, ২০ ছেপ্টেম্বৰ : ভ্রমণকাৰী দল বাংলাদেশৰ বিপক্ষে চেন্নাইত খেলি থকা প্রথমখন টেষ্টৰ দ্বিতীয় দিনা জয়ৰ গোন্ধ পাইছে টীম ইণ্ডিয়াই৷ টেষ্টখনৰ দ্বিতীয় দিনাৰ খেলৰ অন্তলৈকে হাতত ৭টা উইকেট বাকী থকা অৱস্থাত ঘৰুৱা দল ভাৰতে ৩০৮ ৰানৰ গুৰুত্বপূর্ণ অগ্রগতি লাভ কৰিছে৷ প্রথম ইনিংছত ২২৭ ৰানৰ অগ্রগতি লাভ কৰা ভাৰতে আজি দ্বিতীয় ইনিংছ মুকলি কৰিবলৈ আহি দ্বিতীয় দিনৰ খেলৰ অন্তত তিনিটা উইকেট হেৰুৱাই ৮১ ৰান সংগ্রহ কৰিছে৷ দিনান্তত শুভমন গিলে ৩৩ আৰু ঋষভ পণ্টে ১২ ৰান কৰি ক্রিজত আছে৷ দ্বিতীয় ইনিংছতো সম্পূর্ণৰূপে ব্যর্থ হয় দুই তাৰকা বেটাৰ ৰোহিত শর্মা আৰু বিৰাট কোহলি৷ অধিনায়ক ৰোহিতে মাত্র ৫ ৰান কৰি বিদায় লোৱাৰ বিপৰীতে কোহলিয়ে ১৭ ৰান কৰি পেভিলিয়নমুখী হয়৷ প্রথম ইনিংছত অর্ধশতকীয় ইনিংছ খেলা জয়ছোৱালে ১০ ৰানৰ অৱদান আগবঢ়ায়৷ ইয়াৰ পূর্বে ভাৰতে প্রথম দিনা ৬ উইকেটত কৰা ৩৩৯ ৰানৰ পৰা ইনিংছ মুকলি কৰিবলৈ আহি আজি ৩৭৬ ৰানত প্রথম ইনিংছ সামৰে৷ আগদিনা ৮৬ ৰানত অপৰাজিত হৈ থকা জাদেজাই আজি কোনো ৰান নকৰাকৈ বিদায় লোৱাৰ বিপৰীতে আগদিনা ১০২ ৰানত অপৰাজিত হৈ থকা অশ্বিনে আজি ব্যক্তিগত ১১৩ ৰানত বিদায় লয়৷ আকাশদীপে ১৭ ৰান কৰে৷ বাংলাদেশৰ হৈ হাছান মাহমুদে সর্বাধিক ৫টা উইকেট লাভ কৰে৷ ইপিনে, প্রথম ইনিংছ মুকলি কৰিবলৈ আহি যশপ্রীত বুমৰাহৰ বিধ্বংসী বলিঙৰ সন্মুখত বাংলাদেশে ১৪৯ ৰানতে প্রথম ইনিংছ সামৰে৷ ছাকিব আল হাছানে সর্বাধিক ৩২ ৰান কৰে৷ মেহদি হাছান মিৰাজে অপৰাজিতভাৱে ২৭, লিটন দাসে ২২ আৰু অধিনায়ক ছাণ্টোৱে ২০ ৰান কৰে৷ টীম ইণ্ডিয়াৰ হৈ বুমৰাহে ৪টা, চিৰাজ, আকাশদীপ আৰু জাদেজাই ২টাকৈ উইকেট লাভ কৰে৷

Featured