চি আৰ ছেভেনৰ ৯০০ গ’ল : ফুটবলত ইতিহাস ৰচনা পর্তুগালৰ ক্রিষ্টিয়ানো ৰ’নাল্ডোৰ

নিউজ ডেস্ক, ৬ ছেপ্টেম্বৰ : পর্তুগালৰ কিংবদন্তি ফুটবলাৰ ক্রিষ্টিয়ানো ৰ’নাল্ডোৱে বৃহস্পতিবাৰে লিছবনত ক্র’ৱেছিয়াৰ বিৰুদ্ধে উৱেফা নেছন লীগৰ গ্রুপ পর্যায়ৰ মেচখনত সৃষ্টি কৰে এক অনন্য অভিলেখ৷ খেলখনত ৰ’নাল্ডোৱে কেৰিয়াৰৰ ৯০০সংখ্যক গ’লটো স্ক’ৰ কৰে৷ ইয়াৰ লগে লগে ফুটবল ইতিহাসৰ একমাত্র খেলুৱৈ হিচাপে পৰিগণিত হয় ৰ’নাল্ডো, যিয়ে ৯০০ বা ততোধিক গ’ল স্ক’ৰ কৰিছে৷ যোৱানিশাৰ উত্তেজনাপূর্ণ মেচখনত পর্তুগালে ক্র’ৱেছিয়াক ২–১ গ’লত পৰাস্ত কৰে৷ খেলৰ ৭ মিনিটত ডিয়েগো ডালটে প্রথমটো গ’ল স্ক’ৰ কৰি পর্তুগালক অগ্রগতি প্রদান কৰাৰ পিছত ৰ’নাল্ডোৱে ৩৪ মিনিটত গ’ল স্ক’ৰ কৰি দলটোক ২–০ গ’লত গুৰুত্বপূর্ণ অগ্রগতি প্রদান কৰায়েই নহয়, তাৰকা ফুটবলাৰগৰাকীয়ে কেৰিয়াৰৰ ৯০০সংখ্যক গ’ল স্ক’ৰ কৰাৰ নজিৰ গঢ়ে৷ এই কৃতিত্ব অর্জন কৰা ফুটবল-বিশ্বৰ প্রথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে চি আৰ ৭৷ মেচখনত ৪১ মিনিটত পর্তুগালে এক আত্মঘাতী গ’লৰ সন্মুখীন হয়৷ ইপিনে, পর্তুগালৰ হৈ ৩৯ বছৰীয়া ৰ’নাল্ডোৱে ১১৩সংখ্যক গ’লটো স্ক’ৰ কৰে৷ আন্তঃৰাষ্ট্রীয় ফুটবলতো ৰ’নাল্ডোৱে ১৩১টা গ’ল স্ক’ৰ কৰি শীর্ষত আছে৷ ২০০২ চনত কেৰিয়াৰ আৰম্ভ কৰা ৰ’নাল্ডোৱে এই পর্যন্ত ৰিয়েল মাদ্রিদৰ হৈ ৪৫৮টা গ’ল, মানচেষ্টাৰ ইউনাইটেডৰ হৈ ১৪৫টা গ’ল, জুভেণ্টাছৰ হৈ ১০১টা গ’ল, আল নাছেৰৰ হৈ ৬৮টা গ’ল স্ক’ৰ কৰাৰ লগতে কেৰিয়াৰ আৰম্ভ কৰা পর্তুগীজ ক্লাব স্প’টিং লিছবনৰ হৈ ৫টা গ’ল স্ক’ৰ কৰিছে ৰ’নাল্ডোৱে৷ আনহাতে, ফুটবল ইতিহাসৰ আন এগৰাকী মহা তাৰকা তথা যোৱা দুটা দশক ধৰি ৰ’নাল্ডোৰ দৰেই খেলপথাৰত চমক সৃষ্টি কৰি থকা আর্জেণ্টিনাৰ ছুপাৰষ্টাৰ লিঅ’নেল মেছি এই তালিকাত দ্বিতীয় স্থানত আছে৷ মেছিয়ে আন্তঃৰাষ্ট্রীয় আৰু ক্লাব কেৰিয়াৰত মুঠ ৮৫৯টা গ’ল স্ক’ৰ কৰিছে৷ কেৰিয়াৰত ৯০০সংখ্যক গ’ল স্ক’ৰ কৰি নিজৰ ছ’চিয়েল মিডিয়াযোগে ৰ’নাল্ডোৱে তেওঁৰ ফুটবল যাত্রাৰ এটা সৰু ভিডিঅ’ ক্লিপ শ্বেয়াৰ কৰে৷ এই ভিডিঅ’টো শ্বেয়াৰ কৰি ৰ’নাল্ডোৱে বিশ্বজুৰি থকা তেওঁৰ সকলো অনুৰাগীক ধন্যবাদ জনায়৷ ভিডিঅ’টোত চিআৰ চেভেনে লগতে এই সপোন তেওঁ বহুদিনৰ পৰা দেখি আহিছিল আৰু এতিয়া এই সপোন পূর্ণ হৈছে বুলি উল্লেখ কৰে৷ অৱশ্যে কিছু সপোন পূৰণ কৰিবলৈ বাকী আছে বুলিও তেওঁ লগতে মন্তব্য কৰে৷ এই ঐতিহাসিক সংখ্যাত উপনীত হ’ব বুলি তেওঁ সম্পূর্ণ আত্মবিশ্বাসী আছিল আৰু এই মাইলষ্ট’নত প্রৱেশ কৰি যথেষ্ট আবেগিক হৈ পৰা বুলিও ৰ’নাল্ডোৱে লগতে কয়৷

Featured