ক্ৰিকেটাৰৰ পুত্ৰই পেৰিছ অলিম্পিকত ২টাকৈ স্বৰ্ণ জয়েৰে গঢ়িলে অভিলেষ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ আগষ্টঃ একেৰাহে বহু বছৰ ধৰি আমেৰিকাই অলিম্পিকত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই আহিছে। ইয়াৰ খেলুৱৈসকলে একেৰাহে চাৰিটা অলিম্পিকত পদক তালিকাৰ শীৰ্ষত ৰাখিছে আমেৰিকাক। এইবাৰ ২০২৪ চনৰ পেৰিছ অলিম্পিকত আমেৰিকাই ১২৬টা পদক লাভ কৰিছিল, য’ত ৪০টা সোণ, ৪৪টা ৰূপ আৰু ৪২টা ব্ৰঞ্জৰ পদক আছিল। ইয়াৰে এজন ৰায় বেঞ্জামিনে ২০২৪ চনৰ পেৰিছ অলিম্পিকত আমেৰিকাৰ হৈ দুটা সোণৰ পদক লাভ কৰিছে। ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন বলাৰ উইন্সটন বেঞ্জামিনৰ পুত্ৰ তেওঁ। ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন ক্ৰিকেটাৰ উইন্সটন বেঞ্জামিনৰ পুত্ৰ ৰায় বেঞ্জামিন। নিউয়ৰ্কত জন্মগ্ৰহণ কৰা ৰায়ে ক্ৰিকেট আৰু আমেৰিকান ফুটবলৰ জৰিয়তে ক্ৰীড়া জীৱন আৰম্ভ কৰিছিল যদিও পিছলৈ ট্ৰেক ইভেণ্টত মনোনিৱেশ কৰিছিল। ২০১৩ চনৰ বিশ্ব যুৱ চেম্পিয়নশ্বিপ আৰু ২০১৫ চনৰ বিশ্ব ৰিলেত এন্টিগুৱা আৰু বাৰ্বুডাক প্ৰতিনিধিত্ব কৰিছিল ৰায় বেঞ্জামিনে, তাৰ পিছত আমেৰিকাৰ এথলেটিকছলৈ গুচি যায়। পেৰিছত স্বৰ্ণ পদকৰ উপৰি ২০১৯ আৰু ২০২২ চনৰ বিশ্ব চেম্পিয়নশ্বিপত ৪০০ মিটাৰ হাৰ্ডলছতো ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৰায়ে। পেৰিছ অলিম্পিকত আমেৰিকাক প্ৰতিনিধিত্ব কৰিছিল ৰায় বেঞ্জামিনে। কেৱল ৪০০ মিটাৰ হাৰ্ডলছতে নহয়, ৪x৪০০ মিটাৰ ৰীলেতো স্বৰ্ণপদক লাভ কৰি তেওঁ আমেৰিকাক গৌৰৱান্বিত কৰিছে। পেৰিছ অলিম্পিকত পুত্ৰৰ সফলতাৰ সন্দৰ্ভত উইন্সটন বেঞ্জামিনে কয় যে “মই আগতে কেতিয়াও এনেকুৱা কিবা এটা অনুভৱ কৰা দেখা নাই। ই আছিল এক আচৰিত মুহূৰ্ত। তেওঁৰ এই কৃতিত্বত মই অতি সুখী কাৰণ মই জানো যে তেওঁ কিমান কঠোৰ পৰিশ্ৰম কৰিছিল। বেঞ্জামিনে আৰু কয়, ব্যক্তিগত সোণৰ পদক লাভ কৰাটো তেওঁৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল।

Featured