৩ বছৰত চাইবাৰ প্রৱঞ্চকে লুটিলে ২৫,০০০ কোটি

🔹 কেন্দ্রীয় চৰকাৰৰ তথ্য
🔹প্রথম ছমাহতে জনতাই হেৰুৱাইছে ১,৪২১ কোটি টকা

বিশেষ বাৰ্তা, ১৯ জুন : চাইবাৰ প্রৱঞ্চনাই দেশৰ নাগৰিকক হাবাথুৰি খুৱাইছে৷ চাইবাৰ প্রৱঞ্চনা প্রতিৰোধৰ বাবে বিভিন্ন ব্যৱস্থা গ্রহণ কৰাৰ পাছতো এই প্রৱঞ্চনা দিনে দিনে বৃদ্ধি হৈ গৈ আছে৷ বিগত তিনি বছৰত চাইবাৰ প্রৱঞ্চনাত নাগৰিকে হেৰুৱাইছে ২৫ হাজাৰ কোটি টকা৷ এই ভয়াৱহ তথ্য কেন্দ্রীয় চৰকাৰৰ৷ কেন্দ্রীয় গৃহ মন্ত্রালয় আৰু বৈদ্যুতিন আৰু তথ্য–প্রযুক্তি মন্ত্রালয়ৰ শীর্ষ বিষয়াৰ উচ্চ পর্যায়ৰ বৈঠকত দেশত চলি থকা চাইবাৰ প্রৱঞ্চনাৰ ভয়াৱহতা পোহৰলৈ আহিছে৷ এই বৈঠকত সামাজিক মাধ্যম ইনষ্টাগ্রাম, হোৱাটছএপ আৰু গুগলৰ ওপৰতো উদ্বিগ্ণতা প্রকাশ কৰা হৈছে৷ সামাজিক মাধ্যমৰ জৰিয়তেই দেশত নাগৰিকক চাইবাৰ প্রৱঞ্চনাৰে কোটি কোটি টকা লুণ্ঠন কৰি আছে৷ কেন্দ্রীয় চৰকাৰৰ তথ্য অনুসৰি, বিগত তিনি বছৰত চাইবাৰ প্রৱঞ্চনাত নাগৰিকে হেৰুওৱা ২৫ হাজাৰ কোটি টকা দেশৰ কিছু ৰাজ্যৰ বার্ষিক বাজেটতকৈ অধিক৷ বিশেষকৈ ছিকিমৰ বার্ষিক বাজেটৰ দুগুণ ধন চাইবাৰ প্রৱঞ্চনাত নাগৰিকে হেৰুৱাবলগীয়া হৈছে৷ বিগত বর্ষত চাইবাৰ প্রৱঞ্চনাক লৈ গড়ে প্রতিদিনে ২৭ এফআইআৰ ৰুজু কৰা হৈছিল৷ চাইবাৰ প্রৱঞ্চনাৰ এই গোচৰ আইন বলৱৎকাৰী সংস্থাই ৰুজু কৰিবলৈ সক্ষম হৈছে যদিও মুঠ গোচৰৰ এক শতাংশ গোচৰতো অভিযুক্তক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ এই বিষয়টোও কেন্দ্রীয় চৰকাৰৰ বাবে উদ্বেগজনক হৈ উঠিছে৷ আনপিনে, ২০২৪ৰ জানুৱাৰীৰ পৰা জুনলৈকে কেন্দ্রীয় চাইবাৰ প্রৱঞ্চনা সংস্থাই ৭০৯টা অভিযোগ লাভ কৰিছে৷ এই প্রৱঞ্চনাত মুঠ ১,৪২১ কোটি টকা হেৰুৱাবলগীয়া হৈছে৷ চাইবাৰ প্রৱঞ্চনা প্রতিৰোধ কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে অহৰহভাৱে এটা পদ্ধতিৰ বাবে কাম কৰি আছে যদিও এতিয়ালৈকে ই ফলপ্রসূ হোৱা নাই৷ প্রৱঞ্চকে সামাজিক মাধ্যমত এপৰ জৰিয়তে নাগৰিকৰ ধন লুণ্ঠন কৰি আহিছে৷ উল্লেখ্য যে দেশৰ বিভিন্ন আইন বলৱৎকাৰী সংস্থাই চাইবাৰ প্রৱঞ্চনাক লৈ ৬৬ হাজাৰ গোচৰ ৰুজু কৰিছে যদিও এতিয়ালৈকে কেৱল ৫০০হে অভিযুক্তক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ এনে পৰিপ্রেক্ষিতত কেন্দ্রীয় চৰকাৰে সামাজিক মাধ্যমত নাগৰিকসকলক তেওঁলোকৰ গুৰুত্বপূর্ণ তথ্যসমূহ প্রচাৰ নকৰিবলৈ আহ্বান জনাইছে৷

Featured