দিল্লীত পুনৰ যুগ্ম–অযুগ্ম নম্বৰৰ গাড়ী

🔹 বায়ু প্রদূষণত প্রতিৰোধ লগোৱাৰ চেষ্টা চৰকাৰৰ

বিশেষ বাৰ্তা, ৭ নৱেম্বৰ : দেশৰ ৰাজধানী দিল্লীত মাত্রাধিক প্রদূষণত প্রতিৰোধ লগাবলৈ কালি দুপৰীয়া উচ্চ পর্যায়ৰ জৰুৰী বৈঠক আহ্বান কৰে মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে৷ দিল্লীৰ মুখ্যমন্ত্রীগৰাকীয়ে আহ্বান কৰা এই বৈঠকত পুনৰ যুগ্ম–অযুগ্ম নম্বৰ প্লেটৰ গাড়ী চলোৱাৰ নিয়ম বলৱৎ কৰাৰ সিদ্ধান্ত লোৱা হয়৷ অৱশ্যে এই নিয়ম দিল্লীত বলৱৎ হ’ব ১৩ নৱেম্বৰৰ পিছতহে৷ লক্ষণীয়ভাৱে চলিত সপ্তাহৰ পৰাই সকলো বিদ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে দিল্লীত৷ কেন্দ্রীয়শাসিত ৰাজ্যখনৰ পৰিৱেশমন্ত্রী গোপাল ৰায়ে এই কথা সদৰী কৰিছে৷ কেজৰিৱালৰ সৈতে বৈঠকৰ পিছত গোপাল ৰায়ে উল্লেখ কৰে যে সকলো বিদ্যালয় ১০ নৱেম্বৰলৈকে বন্ধ ৰখা হ’ব৷ ব’ৰ্ড পৰীক্ষাৰ বাবে কেৱল দশম আৰু দ্বাদশ শ্রেণীৰ শিক্ষার্থীৰ বাবে খোলা ৰখা হ’ব বিদ্যালয়বোৰ৷ ইয়াৰ পূর্বে প্রাথমিক বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰিছিল দিল্লীৰ আপ চৰকাৰে৷

Featured