ছাবমেৰিন টাইটান ট্ৰেজেডীৰ পিছতো অ’চেনগেটৰ বিপজ্জনক অভিযানৰ বিজ্ঞাপন

বিশেষ বাৰ্তা, ৩০ জুনঃ টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ গৈ ছাবমেৰিন টাইটান সন্ধানহীন হোৱা মৰ্মান্তিক ঘটনাৰ পিছতো কোনো শিক্ষা লোৱা নাই অ’চেনগেট কোম্পানীয়ে। অ’চেনগেট কোম্পানীয়ে পুনৰ টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ যোৱা অভিযানৰ বিজ্ঞাপন দিছে। অহা বছৰৰ জুন মাহত সংস্থাটোৱে আন দুই বিপজ্জনক অভিযানৰ পৰিকল্পনা কৰিছে। প্ৰসংগক্ৰমে উল্লেখ্য যে ১৮ জুনত পানীৰ তলত ডুব যোৱাৰ পিছত ভাগি পৰে ছাবমেৰিন টাইটান। উক্ত দুৰ্ঘটনাত বিখ্যাত টাইটানিক জাহাজৰ ধ্বংসাৱশেষ পৰিদৰ্শন কৰিবলৈ গৈ পাঁচজন যাত্ৰীৰ প্ৰাণহানি হয়। বুধবাৰে আটলাণ্টিক মহাসাগৰৰ ৪ কিলোমিটাৰ তলৰ পৰা উদ্ধাৰ কৰা হয় ছাবমেৰিন টাইটানৰ ধ্বংসাৱশেষ। পাঁচজন যাত্ৰীৰ শৰীৰৰ অংগও উদ্ধাৰ কৰা হৈছে। তাৰ ঠিক পিছদিনাই অ’চেনগেটৰ ৱেবছাইটত আন দুই বিপজ্জনক অভিযানৰ বিজ্ঞাপন প্ৰকাশ পাইছে। কোৱা হৈছে যে ২০২৪ চনৰ জুন মাহত অ’চেনগেটে একেৰাহে দুটা অভিযানৰ আয়োজন কৰিবলৈ ওলাইছে। ১২ জুনৰ পৰা ২০ জুনলৈ হ’ব প্ৰথম অভিযান। পৰৱৰ্তী সময়ত ২১ জুনৰ পৰা ২৯ জুনলৈ ছাবমেৰিন টাইটানে পুনৰ সাগৰত ডুব মাৰিব। সংস্থাটোৰ মতে, অভিযানৰ পূৰ্বে প্ৰয়োজনীয় প্ৰশিক্ষণ, সঁজুলি আৰু সকলো সা-সুবিধা অন্বেষকসকলক দিয়া হ’ব। ইয়াৰ বাবে প্ৰতিজন ব্যক্তিৰ বাবে ২ কোটি ৫ লাখ টকা নিৰ্ধাৰণ কৰা হৈছে। এই বিজ্ঞাপনৰ পিছতে অ’চেনগেট তীব্ৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয়।

BANNEDFeatured