মৰক্কোত বিধ্বংসী ভূমিকম্পত ১১ শতাধিকৰ প্রাণহানি

বিশেষ বাৰ্তা, ১০ ছেপ্টেম্বৰ : শক্তিশালী ভূমিকম্পত বিধ্বস্ত মৰক্কো৷ শুকুৰবাৰে নিশা ৬.৮ প্রাবল্যৰ শক্তিশালী ভূমিকম্পৰ ফলত মৰক্কোৰ কেইবাখনো চহৰ ধ্বংসস্তূপত পৰিণত হয়৷ পর্যটনৰ হটস্পট হিচাপে চিহ্ণিত দেশখনৰ মাৰাকেছ চহৰ এই শক্তিশালী ভূমিকম্পৰ ফলত ধূলিসাৎ হৈছে৷ ছয় দশকৰ ভিতৰত দেশখনত হোৱা সবাতোকৈ শক্তিশালী ভূমিকম্পৰ ফলত ১১ শতাধিক লোকৰ প্রাণহানি হোৱাৰ লগতে ১২ শতাধিক লোক আহত হৈছে৷ ইয়াৰে ৭২১জন লোকৰ অৱস্থা অতি সংকটজনক৷ মৰক্কোৰ ৰাষ্ট্রীয় ভূ–কম্পন বিভাগৰ তথ্য মতে, শুকুৰবাৰে নিশা প্রায় ১১.১১ বজাত দেশখনৰ পর্যটনৰ হটস্পট হিচাপে প্রখ্যাত মাৰাকেছত ৬.৮ প্রাবল্যৰ ভূমিকম্পৰ প্রবল জোকাৰণি অনুভূত হয়৷ এই ভূমিকম্পৰ জোকাৰণি ইমানেই বিধ্বংসী আছিল যে চহৰখনৰ ঐতিহাসিক সমলবোৰৰ বিস্তৰ ক্ষতিসাধন হয়৷ পুৰণি চহৰখনৰ ঐতিহাসিক অট্টালিকাবোৰ ধ্বংসস্তূপত পৰিণত হোৱাৰ লগতে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্রও এই ভূমিকম্পৰ ফলত বিধ্বস্ত হৈছে৷ মাৰাকেছৰ উপৰি এই শক্তিশালী ভূমিকম্পৰ জোকাৰণি উপকূলীয় চহৰ ৰাবাৎ, কাছাব্লাংকা আৰু ইছৌৰিয়াতো অনুভূত হয়৷ এই চহৰকেইখনতো সা–সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে কেইবাজনো লোকৰ প্রাণহানি হৈছে৷ মৰক্কোৰ গৃহমন্ত্রীয়ে প্রকাশ কৰা মতে, নিশা হোৱা প্রবল ভূমিকম্পৰ ফলত ক্ষতিগ্রস্ত অঞ্চলত উদ্ধাৰ অভিযান ক্ষিপ্রতৰ কৰি তোলা হৈছে৷ ধ্বংসস্তূপত পৰিণত হোৱা স্থানসমূহৰ পৰা জীৱন্তে লোকসকলক উদ্ধাৰ কৰাৰ লগতে মৃতদেহসমূহ উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্রেৰণ কৰি আছে৷ মন্ত্রণালয়ে প্রকাশ কৰা মতে, কুৱাৰজাজাটে, চিচাওৱা, আজিলাল আদি প্রদেশতো ভূমিকম্পৰ ফলত কেইবাজনো লোকৰ প্রাণহানি হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ভূ–তাত্ত্বিক জৰীপে প্রকাশ কৰা মতে, মৰক্কোত হোৱা ৬.৮ প্রাবল্যৰ ভূমিকম্পৰ উৎপত্তিস্থল হৈছে মাৰাকেছৰ দক্ষিণে ৭০ কিলোমিটাৰ নিলগৰ এল্টাছ পর্বতমালা৷ মৰক্কোৰ মাৰাকেছকে ধৰি কেইবাখনো চহৰক বিধ্বস্ত কৰা এই ৬.৮ প্রাবল্যৰ ভূমিকম্পৰ ফলত চুবুৰীয়া দেশ পর্তুগাল আৰু আলজেৰিয়াতো কম্পন অনুভূত হয়৷ উদ্ধাৰ অভিযান ক্ষিপ্রতৰ কৰি তোলা হৈছে৷ মন্ত্রণালয়ে প্রকাশ কৰা মতে, হতাহতৰ সংখ্যা অধিক হোৱাটো প্রায় নিশ্চিত৷ জি–২০ সন্মিলন চলি থকাৰ মাজতে প্রধানমন্ত্রী মোদীয়ে মৰক্কোৰ এই দুর্যোগময় সময়ত তেওঁৰ চৰকাৰ তেওঁলোকৰ লগত আছে বুলি উল্লেখ কৰি যথা সম্ভৱ সহায়ৰ বাবে চৰকাৰ সাজু বুলি কয়৷

Featured