আমাজ’নৰ বক্ষত বিশাল প্রাচীন চহৰৰ সন্ধান

🔹 ২৫০০ বছৰ পূর্বে নোমাডিক সম্প্রদায়ৰ লোকে গঢ়ি তুলিছিল সভ্যতাৰ প্রাণকেন্দ্র

বিশেষ বাৰ্তা, ১২ জানুৱাৰী : আমাজ’নৰ অৰণ্যত সন্ধান পোৱা গৈছে কেইবাহাজাৰ বছৰীয়া প্রাচীন এখন বৃহৎ চহৰৰ৷ প্রাচীন চহৰখনৰ ভগ্ণাৱশেষ উদ্ধাৰ হোৱাৰ লগে লগে আমাজ’নৰ ইতিহাস সন্দর্ভত মানৱ জাতিৰ পূর্বৰ ধাৰণা সলনি হোৱাৰ সম্ভাৱনা আছে৷ পূব ইকুৱেডৰৰ সৈতে জড়িত এই বিশাল অৰণ্য অঞ্চলত পোৱা গৈছে বহু ঘৰ আৰু প্লাজাৰ ধ্বংসস্তূপ৷ পূব ইকুৱেডৰৰ উপানাও অঞ্চলৰ সৈতে এই চহৰখন জড়িত হৈ থকা বুলি বিশেষজ্ঞসকলে মন্তব্য কৰিছে৷ উল্লেখনীয় যে বহু পথ আৰু প্রাচীন জলপ্রণালী আছিল চহৰখনত৷ এক আগ্ণেয়গিৰিৰ সমীপতে এই চহৰখনৰ সন্ধান পোৱা গৈছে৷ আগ্ণেয়গিৰিৰ বাবে চহৰখন ধ্বংসৰ কবলত পৰিছিল বুলিও ধাৰণা কৰিছে একাংশ বিশেষজ্ঞই৷ লেটিন আমেৰিকাৰ বহু প্রাচীন সভ্যতাৰ কেন্দ্রস্থল আছিল পার্বত্যৰ চহৰবোৰ৷ পেৰুৰ মাচু পিচুৰ দৰে বহু সভ্যতা লেটিন আমেৰিকাত প্রতিষ্ঠা হৈছিল৷ আমাজ’নৰ বুকুত শেহতীয়াকৈ সন্ধান পোৱা প্রাচীন চহৰখনো সভ্যতাৰ কেন্দ্রস্থল আছিল বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে৷ উল্লেখনীয় যে নোমাডিক লোকসকলে আমাজ’নত সৰু সৰু চহৰ পাতি বসবাস কৰিছিল৷ শেহতীয়াকৈ সন্ধান পোৱা চহৰখন আমাজ’নৰ আটাইতকৈ প্রাচীন চহৰ বুলি ধাৰণা কৰা হৈছে৷ ফ্রান্সৰ নেচনেল চেণ্টাৰ ফৰ ছাইণ্টিফিক ৰিছার্চৰ সঞ্চালক ষ্টিফেন ৰোষ্টেইনে উল্লেখ কৰা অনুসৰি, এই চহৰখন ২৫০০ বছৰ বা তাতকৈ অধিক পুৰণি৷ অর্থাৎ বহু প্রাচীন সভ্যতাৰ সমল এই চহৰখনত পোৱাৰ সম্ভাৱনা আছে৷

Featured