হাড়গিলা বাইদেউ ড০ পূর্ণিমা দেৱী বর্মনক লণ্ডনত গ্রীন অস্কাৰ প্রদান

নিয়মীয়া বাৰ্তা ডিজিটেল, ৪ মে’ : ‘হাড়গিলা বাইদেউ’ খ্যাত ড০ পূর্ণিমা দেৱী বর্মনক পুনৰ প্রদান কৰা হয় হুইটলে এৱার্ড৷ ২০২৪ বর্ষৰ বাবে বর্মনক প্রদান কৰা হয় এই বঁটা৷ হুইটলে এৱার্ডক গ্রীন অস্কাৰ বুলি জনা যায়৷ ২০১৭ চনতো পূর্ণিমা দেৱী বর্মনক প্রদান কৰা হৈছিল এই বঁটা৷ এই এৱার্ড বিশ্বৰ ৬গৰাকী পৰিৱেশ কর্মীক প্রদান কৰা হয়৷ উল্লেখ্য যে পূর্ণিমা দেৱী বর্মনক ২০১৭ চনত নাৰীশক্তি পুৰস্কাৰ প্রদান কৰিছিল তদানীন্তন ৰাষ্ট্রপতি ৰামনাথ কোবিন্দে৷ তেওঁ ২০১৫ চনত ফিউচাৰ কনজাৰভেচনিষ্ট এৱার্ড লাভ কৰিছিল৷ কামৰূপৰ দদৰাত হাড়গিলা সংৰক্ষণৰ ক্ষেত্রত আগবঢ়াই অহা অৱদানৰ বাবে এই সন্মান লাভ কৰিছে পূর্ণিমাই৷ গ্রীন অস্কাৰ অর্থাৎ হুইটলে গ’ল্ড এৱার্ড লাভ কৰা পূর্ণিমা অসমৰ প্রথমগৰাকী প্রকৃতিবিদ৷ প্রকৃতিপ্রেমী সংগঠন ‘আৰণ্যক’ৰ জৰিয়তে পৰিৱেশ ৰক্ষাৰ কাম কৰি আহিছে ড০ পূর্ণিমা দেৱী বর্মনে৷ ২০১৫ চনৰ পৰা কামৰূপৰ দদৰাত হাড়গিলা সংৰক্ষণৰ কাম কৰি আহিছে পূর্ণিমাই৷ পূর্ণিমা দেৱী বর্মনৰ উদ্যোগত দদৰাত হাড়গিলা সংৰক্ষণে এটা বিপ্লৱৰ ৰূপ লাভ কৰিছে৷

Featured