উদ্দাম নৃত্য, ড্রাগছৰ নিচাত উল্লাস বিধায়ক–অভিনেত্রীৰ

🔹 ফার্ম হাউছৰ অনুষ্ঠানত চিচিবিয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ ড্রাগছ

বিশেষ বাৰ্তা, ২২ মে’ : কর্ণাটকৰ বেংগালুৰুৰ এক ফার্ম হাউছত চলি থকা উদ্দাম পার্টীত অভিযান চলাই বিপুল পৰিমাণৰ নিচাযুক্ত দ্রব্য উদ্ধাৰ কৰিছে কেন্দ্রীয় অপৰাধ শাখা বা চিচিবিয়ে৷ তদন্তকাৰী বিষয়াই জনোৱা অনুসৰি, অসংখ্য ভিভিআইপিৰ উপৰি এই পার্টীত উপস্থিত আছিল অন্ধ্রপ্রদেশৰ এগৰাকী বিধায়ক তথা কেইবাগৰাকীও তেলেগু ছবিৰ অভিনেত্রী৷ নিচাগ্রস্ত অৱস্থাত নৃত্যত মচগুল হৈ থকা অৱস্থাতে চিচিবিৰ বিষয়াৰ দলে অভিযান চলায় এই ফার্ম হাউছটোত৷ এই উদ্দাম নৃত্যানুষ্ঠানৰ স্থলীৰ পৰা বিপুল পৰিমাণৰ ড্রাগছ তথা অন্যান্য নিচাযুক্ত দ্রব্য উদ্ধাৰ হোৱাৰ পাছত তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ সূত্রই সদৰী কৰা অনুসৰি গোপাল ৰেড্ডী নামৰ এগৰাকী প্রভাৱশালী ব্যক্তিৰ জন্মদিন উপলক্ষে বেংগালুৰুৰ জিআৰ ফার্ম হাউছত এই পার্টীৰ আয়োজন কৰা হৈছিল৷ শনিবাৰে নিশা ২ বজালৈকে এই অনুষ্ঠানৰ অনুমতি দিয়া হৈছিল৷ কিন্তু নির্ধাৰিত সময় অতিক্রম কৰাৰ পাছতো প্রায় ৩ বজালৈ চলিছিল এই অনুষ্ঠান৷ অনুষ্ঠানত বিপুল পৰিমাণৰ ড্রাগছ থকা বুলি খবৰ পোৱাৰ পাছত চিচিবিৰ এণ্টি নার্কোটিক্স বিভাগে ফার্ম হাউছটোত তালাচী চলায়৷ স্নিফাৰ ডগৰ সহায়ত উদ্ধাৰ কৰা হয় বহু ড্রাগছ ৷ চিচিবিৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি, তালাচীত ১৭টা এমডিএমে ড্রাগ্ছসহ প্রচুৰ পৰিমাণৰ কোকেইন উদ্ধাৰ হয়৷ তদন্তকাৰী বিষয়াই দাবী কৰা অনুসৰি এই অনুষ্ঠানলৈ অন্ধ্রপ্রদেশৰ এগৰাকী বিধায়কসহ শতাধিক ভিভিআইপি আমন্ত্রিত হৈছিল৷ কেইবাগৰাকীও তেলেগু অভিনেত্রীৰ লগতে অন্ধ্রপ্রদেশ আৰু বেংগালুৰুৰ ২৫গৰাকী তৰুণীয়ে অংশগ্রহণ কৰিছিল এই অনুষ্ঠানত৷ অভিযানকালত চিচিবিৰ বিষয়াই ফার্ম হাউছটোৰ চৌহদত মার্ছিডিজ বেঞ্জ, জাগুৱাৰ, অ’ডিসহ ২০খনতকৈ অধিক বিলাসী গাড়ী দেখিবলৈ পাইছিল৷ ইয়াৰ মাজতে আছিল বিধায়কৰ গাড়ীও৷ গতিকে বিধায়ক উপস্থিত আছিল বুলি দাবী কৰিছে তদন্তকাৰীয়ে৷ জনপ্রিয় তেলেগু অভিনেত্রী হেমাও এই অনুষ্ঠানত আছিল বুলি চিচিবিৰ তৰফৰ পৰা দাবী কৰা হৈছে৷

Featured