শিল্পা ছেট্টী–স্বামী ৰাজ কুন্দ্রাৰ ৯৮ কোটিৰ সম্পত্তি জব্দ ইডিৰ

🔹 অবৈধ ধন লেনদেন গোচৰ

বিশেষ বাৰ্তা, ১৯ এপ্রিল : অবৈধ ধন লেনদেনৰ গোচৰত বলীউডৰ অভিনেত্রী শিল্পা ছেট্টী আৰু তেওঁৰ স্বামী ব্যৱসায়ী ৰাজ কুন্দ্রাৰ ৯৮ কোটি টকাৰ সম্পত্তি জব্দ কৰিছে এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেট চমুকৈ ইডিয়ে৷ মহাৰাষ্ট্র আৰক্ষী আৰু দিল্লী আৰক্ষীয়ে ভেৰিয়েবল টেক প্রাইভেট লিমিটেড নামৰ কোম্পানীটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পিছত কেন্দ্রীয় তদন্তকাৰী সংস্থা ইডিয়ে পিএমএলএৰ অধীনত গোচৰ ৰুজু কৰি কালি অভিনেত্রী শিল্পাৰ জুহুস্থিত ফ্লেটসহ ৯৮ কোটি টকাৰ সম্পত্তি জব্দ কৰে৷ অভিনেত্রীগৰাকীৰ স্বামী বিতর্কিত ব্যৱসায়ী ৰাজ কুন্দ্রাৰ পুনেস্থিত বিলাসী বাংলো আৰু ইকুইটী শ্বেয়াৰো জব্দ কৰিছে ইডিয়ে৷ ডিজিটেল মুদ্রা বিটকইনৰ জৰিয়তে ব্যৱসায়ী ৰাজ কুন্দ্রাই বিনিয়োগ পুঁজিৰ অপব্যৱহাৰ কৰাৰ অভিযোগত এই গোচৰ ৰুজু কৰা হৈছে৷ মন কৰিবলগীয়া যে ভেৰিয়েবল টেক প্রাইভেট লিমিটেড নামৰ কোম্পানীটোৰ জৰিয়তে ৰাজ কুন্দ্রাসহ কেইবাজনো ব্যক্তিয়ে ২০১৭ চনত বিটকইনৰ দ্বাৰা ১০ শতাংশ ধন ওভতাই দিয়াৰ প্রলোভনেৰে ৬,৬০০ কোটি টকা আত্মসাৎ কৰিছিল৷ অনলাইন ৱালেটৰ জৰিয়তে এই ব্যৱসায় চলাইছিল ৰাজ কুন্দ্রাসহ তেওঁৰ সহযোগীয়ে৷ অমিত ভৰদ্বাজ নামৰ বিটকইনৰ অবৈধ ব্যৱসায়ৰ মাষ্টাৰমাইণ্ডজনৰ পৰা ৰাজ কুন্দ্রাই ২৮৫ বিটকইন লাভ কৰিছিল৷ ইউক্রেইনত খনি কোম্পানী স্থাপনৰ বাবে এই ধন সংগ্রহ কৰিছিল৷ ইডিয়ে ৰাজ কুন্দ্রাৰ সম্পত্তি জব্দ কৰিলেও এতিয়াও ব্যৱসায়ীজনৰ হাতত ১৫০ কোটি টকা মূল্যৰ বিটকইন আছে বুলি কেন্দ্রীয় তদন্তকাৰী সংস্থাটোৱে প্রকাশ কৰিছে৷

Featured