প্রথমে বিবাহ বিচ্ছেদ, এতিয়া মেচ ফিক্সিঙৰ অভিযোগ

🔹 প্ৰাক্তন অধিনায়কৰ বিৰুদ্ধে অভিযোগ বাসিত আলীৰ  

নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ : পাকিস্তানী ক্রিকেটাৰসকলৰ বিৰুদ্ধে প্রায়ে উত্থাপিত হয় মেচ ফিক্সিঙৰ অভিযোগ৷ পুনৰ এবাৰ পাকিস্তানৰ এজন অভিজ্ঞ ব্যক্তিয়ে এগৰাকী তাৰকা ক্রিকেটাৰৰ বিৰুদ্ধে আনিছে মেচ ফিক্সিং কৰাৰ অভিযোগ৷ পাকিস্তানৰ প্রাক্তন ক্রিকেটাৰ বাসিত আলীয়ে ফিক্সিঙৰ অভিযোগ উত্থাপন কৰাৰ লগতে প্রমাণ দাখিলৰ প্রসংগ উত্থাপন কৰিছে৷ কিংবদন্তি ক্রিকেটাৰজনৰ এই মন্তব্যই পুনৰ এবাৰ ক্রিকেট জগতত জোকাৰণিৰ সৃষ্টি কৰিছে৷ পাকিস্তানৰ বাসিন্দা বাসিত আলীয়ে দেশখনৰ ক্রিকেট দলটোৰ অলৰাউণ্ডাৰ তথা ভাৰতীয় টেনিছ তাৰকা ছানিয়া মির্জাৰ প্রাক্তন স্বামী ছোৱেইব মালিকৰ বিৰুদ্ধে উত্থাপন কৰিছে মেচ ফিক্সিঙৰ অভিযোগ৷ বাসিতে অভিযোগ কৰি কৈছে- ‘যিজনে নিজৰ দেশৰ কথা নাভাবে, তেওঁক দলত স্থান দিয়া উচিত নাছিল৷ যিজনে বিশ্বাস কৰে যে মই ইচ্ছাকৃতভাৱে এই মেচখন হৰুৱাইছিলোঁ, তেওঁক এগৰাকী পৰামর্শদাতা হিচাপে নিযুক্তি দিব নালাগিছিল৷ যদি মোৰ কথাৰ প্রমাণৰ প্রয়োজন হয়, মই দিম৷’ পাকিস্তানী ক্রিকেটাৰসকলৰ বিৰুদ্ধে মেচ ফিক্সিঙৰ অভিযোগ উত্থাপিত হোৱাটো কোনো নতুন ঘটনা নহয়৷ ইতিমধ্যে বহুকেইগৰাকী পাকিস্তানী ক্রিকেটাৰ মেচ ফিক্সিঙৰ গোচৰত ধৰা পৰিছে৷ পাকিস্তানী ক্রিকেটাৰ ছেলিম মালিককো মেচ ফিক্সিঙৰ বাবে ক্রিকেটৰ পৰা আজীৱন নিষিদ্ধ কৰা হৈছিল৷ লগতে মহম্মদ আমিৰকো মেচ ফিক্সিঙৰ বাবে নিষিদ্ধ কৰা হৈছিল৷ এই তালিকাত থকা অন্যান্য পাকিস্তানী ক্রিকেটাৰসকল হৈছে ক্রমে প্রাক্তন অধিনায়ক ছলমান বাট, পাকিস্তানৰ দ্রুত বলাৰ মহম্মদ আছিফ, ডানিছ কানেৰিয়া আৰু মহম্মদ ইৰফান আদি৷ প্রকৃততে পাকিস্তানত চলি আছে চেম্পিয়নছ এদিনীয়া কাপৰ খেল৷ এই প্রতিযোগিতাৰ বাবে পাকিস্তানৰ প্রাক্তন অধিনায়ক ছোৱেইব মালিকক ষ্টেলিয়নছ দলৰ পৰামর্শদাতা হিচাপে নিযুক্ত কৰা হৈছে৷ ১২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা প্রতিযোগিতাখন ২৯ ছেপ্টেম্বৰত সমাপ্ত হ’ব৷ এই সময়তে বাসিত আলীয়ে ছোৱেইবৰ বিৰুদ্ধে ফিক্সিঙৰ অভিযোগ উত্থাপন কৰিছে, যিটো এক লজ্জাজনক কথা৷

Featured