গোপন তথ্য ফাদিলৰ অভিযোগত ১০ বছৰৰ কাৰাদণ্ড পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰানক

বিশেষ বাৰ্তা, ৩০ জানুৱাৰী : নিৰ্বাচনৰ পূৰ্বে পুনৰ ইমৰান খানলৈ সংকট আহি পৰিছে। পাকিস্তানৰ আদালতে গোপন তথ্য ফাদিলৰ অভিযোগত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক ১০ বছৰৰ কাৰাদণ্ডৰ শাস্তি বিহিছে। কেৱল ইমৰানেই নহয়, তেওঁৰ কেবিনেটৰ বৈদেশিক মন্ত্ৰী শ্বাহ মেহমুদ কুৰেশ্বীকো এই শাস্তি বিহা হৈছে। পাকিস্তানৰ বিশেষ আদালতে দেশৰ গোপন তথ্য ফাদিল কৰাৰ অভিযোগত এই শাস্তি ঘোষণা কৰে। ইতিমধ্যে একাধিক গোচৰত জে’ললৈ গৈছিল ইমৰান। কিন্তু নতুন বছৰত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী পুনৰ অস্বস্তিত পৰিল। পাকিস্তানৰ বিশেষ আদালতৰ ৰায় অনুসৰি ইমৰানে দেশৰ গুৰুত্বপূৰ্ণ গোপন নথি-পত্ৰ ফাদিল কৰে। তেওঁক সহায় কৰিছিল বৈদেশিক মন্ত্ৰী কুৰেশ্বীয়ে। সেই অপৰাধৰ বাবে তেওঁলোকক ১০ বছৰৰ কাৰাদণ্ড বিহা হৈছে। অৱশ্যে এই ৰায়ৰ বিৰুদ্ধে ইমৰানৰ দলে আপীল কৰিব পাৰে।

Featured