আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পলৈ গুলী

নিয়মীয়া বাৰ্তা ১৪ জুলাই : আমেৰিকাত বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনাত সময়ে সময়ে নিৰীহই প্ৰাণ হেৰুৱাই অহাৰ সময়তে আজি বিশ্বৰ শক্তিধৰ ৰাষ্ট্ৰখনত খোদ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প দুৰ্বৃত্তৰ টাৰ্গেট হৈ পৰে। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীলৈ লক্ষ্য় কৰি এক ভয়াৱহ গুলীচালনাৰ ঘটনা সংঘটিত কৰে দুৰ্বৃত্তই। দুৰ্বৃত্তই চলোৱা গুলীয়ে ট্ৰাম্পৰ সোঁ কাণত আঘাত কৰে। গুলীৰ আঘাতত ঠাইতে ঢলি পৰে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। লগে লগে তেওঁৰ সুৰক্ষা কৰ্মীয়ে ৰাষ্ট্ৰপতিগৰাকীক হাস্পতাললৈ নিয়াৰ যো-জা কৰে। পেনচিলভেনিয়াৰ বাটলাৰত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত দুৰ্বৃত্তই সংঘটিত কৰে এই ভয়ংকৰ গুলীচালনাৰ ঘটনা। নৱেম্বৰ মাহত হ’বলগীয়া নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাৰ পূৰ্বে ৰাষ্ট্ৰখনত ৰাজনৈতিক অস্থিৰতাৰ উমান পোৱা গৈছে। ৰাষ্ট্ৰপতিগৰাকীৰ ওপৰত চলা এই আক্ৰমণে পৰিস্থিতি আৰু অধিক উদ্বেগজনক কৰি তুলিছে। সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ৰাষ্ট্ৰপতি ট্ৰাম্পলৈ উদ্দেশ্যি গুলী চলোৱা দুৰ্বৃত্তটোৰ ইতিমধ্যে মৃত্য়ু হৈছে। লগতে এজন পথচাৰীৰো মৃত্য়ু হোৱা বুলি জানিব পৰা গৈছে। বাটলাৰ কাউন্টিৰ জিলা এটৰ্নী ৰিচাৰ্ড গোল্ডিংগাৰে কয় যে গুলীচালনা কৰাজনকে ধৰি দুজন লোকৰ মৃত্য়ু হৈছে। ৰাষ্ট্ৰপতি জো বাইডেনে প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পলৈ গুলীচালনাৰ ঘটনাক গৰিহণা দিছে। প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামায়ো এই আক্ৰমণক গৰিহণা দিয়ে। এক্স হেন্ডেলত দিয়া পোষ্টটোত তেওঁ কয় যে আমাৰ গণতন্ত্ৰত কোনো ৰাজনৈতিক হিংসাৰ স্থান একেবাৰেই নাই।

Featured