গ্রেট ব্রিটেইনৰ ধনাঢ্য হিন্দুজা পৰিয়ালৰ ৪ সদস্যক কাৰাদণ্ড

🔴ঘৰুৱা শ্রমিকক বঞ্চনাত দোষী সাব্যস্ত ছুইছ ক’ৰ্টৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৩ জুনঃ ভাৰতীয় বংশোদ্ভৱ গ্রেট ব্রিটেইনৰ ধনাঢ্য হিন্দুজা পৰিয়ালৰ চাৰি সদস্যক ঘৰুৱা শ্রমিকক বঞ্চনা কৰাৰ অভিযোগত দোষী সাব্যস্ত কৰি কাৰাদণ্ড বিহিছে ছুইজাৰলেণ্ডৰ আদালতে৷ গ্রেট ব্রিটেইনস্থিত হিন্দুজা পৰিয়ালৰ প্রকাশ হিন্দুজা, তেওঁৰ পত্নী কমল হিন্দুজা, পুত্র অজয় হিন্দুজা আৰু বোৱাৰী নম্রতাক ভাৰতৰ পৰা শ্রমিকক নি সেই শ্রমিকক বঞ্চনা কৰাৰ অভিযোগত দোষী সাব্যস্ত কৰে ছুইছ আদালতে৷ ঘৰুৱা শ্রমিকক জেনেভাৰ বিলাসী ভিলাত ৰাখি সেই শ্রমিকৰ পাছপ’ৰ্ট জব্দ কৰাৰ লগতে বাহিৰলৈ ওলোৱাত বাধা দিয়াৰ সমান্তৰালকৈ ছুইছ ফ্রাংক প্রদান কৰাৰ বিপৰীতে ভাৰতীয় মুদ্রা আদায় দি আহিছিল৷ ভাৰতৰ পৰা অশিক্ষিত শ্রমিকক জেনেভালৈ নি কামত ব্যৱহাৰ কৰি আহিছিল৷ মানৱ সৰবৰাহৰ অভিযোগ তেওঁলোকৰ ওপৰত উত্থাপন কৰা হৈছিল যদিও আদালতে সেই অভিযোগ খণ্ডন কৰে৷ বিলিয়নাৰ হিন্দুজা পৰিয়ালৰ চাৰি সদস্যক ৪ বছৰ আৰু ৪ বছৰ ৬ মাহৰ কাৰাদণ্ড দিয়া হৈছে৷ প্রকাশ হিন্দুজা আৰু তেওঁৰ পত্নী কমল হিন্দুজাক ক্রমে ৪ বছৰ ৬ মাহ কাৰাদণ্ড বিহাৰ বিপৰীতে তেওঁৰ পুত্র অজয় আৰু বোৱাৰী নম্রতাক ৪ বছৰৰ কাৰাদণ্ড বিহা হৈছে৷ উল্লেখ্য যে ১৯৮০ৰ শেষৰফালে ছুইজাৰলেণ্ডত এই হিন্দুজা পৰিয়ালে বসবাস আৰম্ভ কৰিছিল৷ প্রকাশ হিন্দুজাই ২০০৭ চনত একেই গোচৰত দোষী সাব্যস্ত হৈছিল৷ ছুইছ আদালতে পৰিয়ালটোৰ হীৰাৰ পৰা বিভিন্ন মূল্যৱান সামগ্রী জব্দ কৰিছে৷ মন কৰিবলগীয়া যে ২০০০ চনত ছুইজাৰলেণ্ডৰ নাগৰিকত্ব পোৱা প্রকাশ হিন্দুজাৰ বিৰুদ্ধে কৰ প্রৱঞ্চনাৰ গোচৰো আছে৷

Featured