পৰাজয়ৰ গ্লানি লৈ ইংলেণ্ডৰ প্রশিক্ষক পদ ত্যাগ গাৰেথ ছাউথগেটৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ জুলাইঃ গাৰেথ ছাউথগেটে ইংলেণ্ড ফুটবল দলটোৰ প্রশিক্ষক পদৰ পৰা পদত্যাগ কৰিছে৷ সদ্যসমাপ্ত ইউৰো কাপৰ ফাইনেলত স্পেইনৰ হাতত পৰাস্ত হোৱাৰ পিছত আজি ছাউথগেটে ইংলেণ্ডৰ প্রশিক্ষক পদৰ পৰা পদত্যাগ কৰে৷ ইয়াৰ লগে লগে ৮ বছৰ ধৰি ইংলেণ্ড দলটোৰ সৈতে থকা সম্পর্কৰ যতি পৰিল ছাউথগেটৰ৷ ২০১৬ চনৰ পৰা ইংলেণ্ডৰ প্রশিক্ষক হিচাপে কাম কৰি আহিছিল ছাউথগেটে৷ তেওঁ ৮ বছৰত দুবাৰকৈ ইংলেণ্ড ফুটবল দলটোক ইউৰো কাপৰ ফাইনেললৈ লৈ যায় যদিও খিতাপ জয়ৰ সোৱাদ দিব নোৱাৰিলে৷ ইফালে, ছাউথগেটৰ প্রশিক্ষণত ২০২২ চনৰ ফিফা বিশ্বকাপৰ ছেমিফাইনেলত পৰাজিত হৈছিল ইংৰাজ বাহিনী৷ সেই দৃষ্টিকোণৰ পৰা বৃহৎ প্রতিযোগিতাৰ প্রশিক্ষক হিচাপে ছাউথগেটৰ সফলতা ঈর্ষণীয়৷ কিন্তু নকআউট পর্যায়ত বাৰে বাৰে বিফলতা মানি ল’ব পৰা নাছিল প্রশিক্ষকগৰাকীয়ে৷ সেয়ে ছাউথগেটে ইংলেণ্ড ফুটবল দলৰ প্রশিক্ষক পদটো ত্যাগ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ ইফালে, ইংলেণ্ড ফুটবল এছ’চিয়েচনে ছাউথগেটক ধন্যবাদ জনাই ঘোষণা কৰে যে অতি সোনকালে এজন নতুন প্রশিক্ষকৰ নাম ঘোষণা কৰা হ’ব৷ চলিত বর্ষৰ ডিচেম্বৰ মাহলৈকে ছাউথগেটৰে চুক্তি আছিল ইংলেণ্ড দলৰ৷ উল্লেখ্য যে ৫৭খন মেচত ইংলেণ্ডক প্রতিনিধিত্ব কৰা ছাউথগেটে ১০২খন মেচত ইংলেণ্ড দলটোৰ প্রশিক্ষকৰূপে দায়িত্ব পালন কৰিছিল৷

Featured