স্থলসেনাৰ নতুন মুৰব্বী জেনেৰেল উপেন্দ্র দ্বিবেদী

🔹 ৪০ বছৰ ধৰি সেনাৰ বিভিন্ন পদবীত সেৱা

বিশেষ বাৰ্তা, ১ জুলাই : মনোজ পাণ্ডেৰ অৱসৰৰ পাছত স্থলসেনাৰ মুৰব্বীৰ পদত আনুষ্ঠানিকভাৱে নিযুক্ত হ’ল লেফটেনেণ্ট জেনেৰেল উপেন্দ্র দ্বিবেদী৷ দেশৰ ৩০সংখ্যক সেনাপ্রধান হিচাপে দায়িত্ব ল’লে অভিজ্ঞ এই বিষয়াগৰাকীয়ে৷ উল্লেখনীয় যে যোৱা ১৫ ফেব্রুৱাৰীত স্থলসেনাৰ উপ–মুৰব্বী হিচাপে দায়িত্ব লাভ কৰিছিল জেনেৰেল দ্বিবেদীয়ে৷ মাত্র ৪ মাহৰ ভিতৰতে পদোন্নতি লাভ কৰে স্থলসেনাৰ এই নির্ভৰযোগ্য বিষয়াগৰাকীয়ে৷ লাডাখ, অৰুণাচলত চীনা সেনাৰ আগ্রাসন প্রতিৰোধ কৰাৰ ক্ষেত্রত সেনাত ৪ দশকতকৈ অধিককাল ধৰি সেৱা আগবঢ়াই আহিছে দ্বিবেদীয়ে৷ সীমান্তত সেনাৰ এগৰাকী অভিজ্ঞতাসম্পন্ন বিষয়া হৈছে দ্বিবেদী৷ সেইবাবে কেন্দ্রীয় চৰকাৰে এই সেনা বিষয়াগৰাকীৰ ওপৰত বিশেষ ভৰসা ৰাখিছে৷ দীর্ঘ ৪০ বছৰীয়া চাকৰিকালত বেছিভাগ সময় উত্তৰ–পূব ভাৰতত বিভিন্ন পদবীত আছিল দ্বিবেদী৷ ১৮ জম্মু–কাশ্মীৰ ৰাইফলছৰ কমাণ্ড অৱ ৰেজিমেণ্ট হিচাপে কর্মজীৱন আৰম্ভ কৰি আছাম ৰাইফলছ ব্রিগেড, ইন্সপেক্টৰ জেনেৰেল, আছাম ৰাইফলছ (পূর্ব), হিমাচলৰ ৯ কর্পছসহ একাধিক গুৰুত্বপূর্ণ পদত ইতিমধ্যে সেৱা আগবঢ়াই আহিছে দ্বিবেদীয়ে৷ ২০২২ চনৰ পৰা ২০২৪ চনৰ আৰম্ভণিলৈকে নর্ডার্ন আর্মী কমাণ্ডাৰৰ ভাইচ চীফ অৱ আর্মী ষ্টাফ হিচাপে কর্মৰত আছিল দ্বিবেদী৷ লক্ষণীয়ভাৱে জম্মু–কাশ্মীৰত সন্ত্রাস দমনতো বিশেষ ভূমিকা পালন কৰি আহিছে দ্বিবেদীয়ে৷ লাডাখত চীনৰ সৈতে সীমা সংঘাতৰ পাছত দুয়োখন দেশৰ সেনা পর্যায়ৰ আলোচনাত সক্রিয় ভূমিকা পালন কৰিছিল দ্বিবেদীয়ে৷ এনে অভিজ্ঞ সেনা বিষয়াগৰাকীক স্থলসেনাৰ শীর্ষ বিষয়াৰ পদলৈ অনাৰ অন্তৰালত সীমান্তত চীনা আগ্রাসনৰ বিৰুদ্ধে কৌশলী পদক্ষেপ বুলি ধাৰণা কৰিছে ৰাজনৈতিক মহলে৷ কাৰণ পাকিস্তানৰ লগতে বর্তমান কেন্দ্রৰ উদ্বেগৰ বিষয় হৈ পৰিছে চীন৷ লাডাখ, হিমাচল প্রদেশ, অৰুণাচল প্রদেশ আনকি ছিকিম সীমান্ততো নজৰলৈ আহিছে চীনা সেনাৰ আগ্রাসন৷ লাডাখ, অৰুণাচলত চীনা সেনাৰে ভাৰতীয় সেনাৰ সংঘাত স্পষ্ট হৈ পৰিছে৷ নিৰাপত্তা ক্ষেত্রত পাকিস্তানতকৈ চীনক অধিক বিপজ্জনক বুলি গণ্য কৰি আহিছে ভাৰতে৷ গতিকে সেনাত শীর্ষ বিষয়া নিয়োগৰ ক্ষেত্রত নীতি সলনি কৰি আহিছে ভাৰতে৷ জেনেৰেল উপেন্দ্র দ্বিবেদীক সেনা মুৰব্বীৰ দায়িত্বত বহুওৱা বিষয়টোক লৈ বিশেষজ্ঞ মহলে দাবী কৰা অনুসৰি ভৱিষ্যতৰ কথা চিন্তা কৰিছে ভাৰতে৷ আচলতে চীনৰ আগ্রাসনক প্রতিৰোধ কৰাৰ বাবে ভাৰতে এই কৌশলী পদক্ষেপ গ্রহণ কৰা বুলি কূটনৈতিক মহলে দাবী কৰিছে৷ ১৯৬৪ চনৰ ১ জুলাইত জন্ম দ্বিবেদীৰ৷ ৰেৱাৰ সৈনিক স্কুলত শিক্ষাগ্রহণ কৰা দ্বিবেদীয়ে নেচনেল ডিফেঞ্চ কলেজ আৰু ইউ এছ আর্মী ৱাৰ কলেজতো অধ্যয়ন কৰিছিল৷ ইয়াৰ উপৰি ডিফেঞ্চ এণ্ড মেনেজমেণ্ট ষ্টাডিজত এম ফিল আৰু ষ্ট্রেটেজিক ষ্টাডিজ তথা মিলিটাৰী ছায়েন্সত দুটা স্নাতকোত্তৰ ডিগ্রীও লাভ কৰিছিল দ্বিবেদীয়ে৷ ‘পৰম বিশেষ সেৱা পদক’, ‘অতি বিশেষ সেৱা পদক’সহ কেইবাটাও সামৰিক সন্মান লাভ কৰিছে দ্বিবেদীয়ে৷

Featured