আন্তর্জাতিক বুকাৰ বঁটা সাহিত্যিক জেনি এৰপেনবেকৰ ‘কাইৰ’জ’লৈ

🔹 জার্মান ভাষাত ৰচিত কাইৰ’জ ইংৰাজীলৈ অনুবাদ মাইকেল হফমেনৰ

বিশেষ বাৰ্তা, ২৩ মে’ : সন্মানীয় আন্তর্জাতিক বুকাৰ বঁটা ২০২৪ লাভ কৰিছে জার্মানৰ সাহিত্যিক জেনি এৰপেনবেকৰ ‘কাইৰ’জ’–এ৷ জার্মানৰ সাহিত্যিক এৰপেনবেকৰ উপন্যাস কাইৰ’জ ইংৰাজীলৈ অনুবাদ কৰিছে মাইকেল হফমেনে৷ আন্তর্জাতিক বুকাৰ বঁটাটিত থকা নগদ ধন ৫৩ লাখ টকা সাহিত্যিক তথা লেখক এৰপেনবেক আৰু অনুবাদক হফমেনৰ মাজত ভগাই দিয়া হৈছে৷ কাইৰ’জৰ জৰিয়তে আন্তর্জাতিক বুকাৰ বঁটা লাভ কৰা এৰপেনবেক হৈছে প্রথম জার্মান সাহিত্যিক৷ ২০১৬ চনৰ পাছত এৰপেনবেক আৰু অনুবাদক হফমেনে এই বঁটাপ্রাপকৰ ইতিহাসৰ গঢ়ে৷ মহিলা লেখকৰ উপন্যাস পুৰুষ লেখকে অনুবাদ কৰি এই বঁটা লাভ কৰা প্রথম যুটি হৈছে এৰপেনবেক আৰু হফমেন৷ জার্মান ভাষাত ৰচিত কাইৰ’জ হৈছে- বার্লিনৰ প্রাচীৰ ভংগ কৰি জার্মানীক একত্রিত কৰাৰ অন্তিম দিনটোতেই বর্তমান ৫৭ বছৰীয়া জেনি এৰপেনবেকৰ জন্ম হৈছিল আৰু পূব বার্লিনত ডাঙৰ–দীঘল হৈছিল, পূব জার্মানীৰ অংশ হিচাপে থকা পূব বার্লিনত ডাঙৰ–দীঘল হোৱা জেনি এৰপেনবেকৰ জন্মৰ পিছতেই ১৯৯০ চনত জার্মান একত্রিত হৈছিল৷ এই ঘটনাৰ আধাৰতে উপন্যাসখন ৰচনা কৰা হৈছে৷ এগৰাকী শিক্ষার্থী আৰু এজন বয়োজ্যেষ্ঠ লোকৰ মাজত সম্পর্কৰে উপন্যাসখন ৰচনা কৰা হৈছে৷ ১৯৬৭ চনৰ ১২ মার্চত জন্মগ্রহণ কৰা এৰপেনবেক জার্মান সাহিত্যিকেই নহয়, এগৰাকী প্রখ্যাত অ’পেৰা পৰিচালক৷ দ্য এণ্ড অৱ দ্য ডেজ শীর্ষক গ্রন্থৰ বাবে ২০১৫ চনত ইণ্ডিপেনডেণ্ট ফৰেইন ফিকচন প্রাইজ লাভ কৰা এৰপেনবেকে কেইবাটাও ৰাষ্ট্রীয়, আন্তঃৰাষ্ট্রীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছে৷ ২০২১ চনত উপন্যাস কাইৰ’জ ৰচনাৰ পূর্বে এৰপেনবেকে ২০০৮ চনত ভিজিটেচন, ২০১২ চনত দ্য এণ্ড অৱ দ্য ডেজ, ২০১৫ চনত গো ৱেণ্ট গান ৰচনা কৰিছিল৷  ইয়াৰ উপৰি তেওঁ কেইবাখনো চুটি উপন্যাস, চুটি গল্প, নাটক আদি ৰচনা কৰিছে৷

Featured