পুনৰ তিনি সপ্তাহলৈ ক’ভিড প্রতিৰোধী লকডাউন বৃদ্ধি জার্মানীত

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ ক’ভিড–১৯ মহামাৰীৰ সংক্রমণৰ তৃতীয় জোৱাৰত প্রতিৰোধ লগাবলৈ জার্মানীয়ে পুনৰ তিনি সপ্তাহলৈ লকডাউন বৃদ্ধি কৰিছে৷ ইষ্টাৰ হলিডেলৈকে এই লকডাউন অব্যাহত থাকিব বুলি আজি দেশখনৰ চেঞ্চেলৰ এঞ্জেলা মার্কেলে সংবাদ মাধ্যমক জনাইছে৷

উল্লেখনীয় যে আঞ্চলিক নেতাসকলৰ সৈতে আলোচনা কৰাৰ পিছত আগন্তুক ১৮ এপ্রিললৈকে লকডাউন বৃদ্ধি কৰাৰ সিদ্ধান্ত লয় জার্মান চৰকাৰে৷ আগন্তুক ১ এপ্রিলৰ পৰা ৫ এপ্রিলৈকে ক’ভিড–১৯ প্রতিৰোধী লকডাউন অধিক কঠোৰ হ’ব বুলিও মন্তব্য কৰিছে চেঞ্চেলৰগৰাকীয়ে৷ এই সময়ছোৱাত অধিকসংখ্যক দোকান তথা বাণিজ্যিক প্রতিষ্ঠান বন্ধ থাকিব৷ ইয়াৰ উপৰি জনসাধাৰণৰ সমাৱেশ সম্পূর্ণৰূপে বন্ধ থাকিব এই সময়ছোৱাত৷ মার্কেলে প্রকাশ কৰা অনুসৰি জার্মান এই মুহূর্তত অতি সন্ধিক্ষণত আছে৷ দেশখনত যিকোনো মুহূর্ততে ক’ভিডে পুনৰ সংহাৰ সৃষ্টি কৰিব পাৰে৷