ভাৰতত থাকি হাছিনাক ৰাজনৈতিক বক্তব্য দিয়াৰ পৰা বিৰত থকাৰ আহ্বান

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ ছেপ্টেম্বৰঃ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে শ্বেখ হাছিনা আৰু ভাৰত সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰিছে। শ্বেখ হাছিনাক পৰামৰ্শ দিওঁতে তেওঁ কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী ভাৰততে থাকিব লাগে আৰু বক্তব্য দিয়াৰ পৰা বিৰত থাকিব লাগে। তেওঁ ৰাজনৈতিক বক্তব্য দিয়া উচিত নহয়। ইউনুছে লগতে কয় যে ভাৰতৰ পৰা হাছিনাক প্ৰত্যৰ্পণৰ দাবী জনাব, কিন্তু তেতিয়ালৈকে হাছিনা মৌন হৈ থাকিব লাগে। অন্যথা দুয়োখন দেশতে সমস্যাৰ সৃষ্টি হ’ব পাৰে। প্ৰত্যৰ্পণৰ পিছত শ্বেখ হাছিনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ কথাও কয় চৰকাৰৰ মুৰব্বীগৰাকীয়ে। হাছিনা মনে মনে থাকিলে আমি পাহৰিলোহেঁতেন, মানুহেও পাহৰি গ’লহেঁতেন, কিন্তু ভাৰতত বহি বক্তব্য দিলে তেতিয়া কোনেও ভাল নাপাব। আচলতে বাংলাদেশৰ ৰাজনৈতিক অভ্যুত্থানৰ পিছত শ্বেখ হাছিনা ঢাকা এৰি ভাৰতলৈ আহিছিল, তেতিয়াৰ পৰা কেৱল ভাৰততে আশ্ৰয় পাইছে। বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত তেওঁ মাজে মাজে বক্তব্য দি থাকে। ১৩ আগষ্টত শ্বেখ হাছিনাই এক বিবৃতি দিছিল, য’ত হাচিনাই বাংলাদেশত হোৱা হত্যাকাণ্ড আৰু হিংসাক সন্ত্ৰাসবাদী কাণ্ড বুলি অভিহিত কৰিছিল। পিটিআইৰ সৈতে হোৱা কথা-বতৰাত ইউনুছে কয় যে এনে বক্তব্য ভাৰত আৰু বাংলাদেশ উভয়ৰে বাবে ভাল নহয়। ভাৰতৰ সন্দৰ্ভতো ইউনুছে নিজৰ স্থিতি প্ৰকাশ কৰে। তেওঁ কয়, বাংলাদেশে ভাৰতৰ সৈতে সুদৃঢ় সম্পৰ্কক গুৰুত্ব দিয়ে, কিন্তু ভাৰতে শ্বেখ হাছিনাৰ আৱামী লীগৰ বাহিৰে আন দলসমূহক ইছলামিক দল বুলি ভাবে, ভাৰতে এই দৃষ্টিভংগী সলনি কৰিব লাগিব। এনে নহয় যে আন এটা দলৰ চৰকাৰত বাংলাদেশ আফগানিস্তান হৈ পৰিব। হাছিনাই দেশ এৰি যোৱাৰ কাৰণ সহজ নহয়, ৰাজহুৱা বিদ্ৰোহ আৰু ক্ষোভৰ বাবেই তেওঁ পলায়ন কৰিবলগীয়া হৈছিল। একে সময়তে অন্তৱৰ্তীকালীন চৰকাৰতো হিন্দু আৰু সংখ্যালঘু লোকক আক্ৰমণ কৰা হৈছে। ইয়াৰ উত্তৰত ইউনুছে কয় যে এয়া মাথোঁ অজুহাত। এনেধৰণৰ আক্ৰমণক ডাঙৰ যেন লগাবলৈ চেষ্টা চলোৱা হৈছে। শ্বেখ হাছিনাই দেশ এৰি যোৱাৰ পিছত হিন্দুৰ ওপৰত হিংসাৰ বহু খবৰ আহিছিল। প্ৰধানমন্ত্ৰী মোদীয়েও ১৫ আগষ্টত দিয়া ভাষণত এই কথা উল্লেখ কৰিছিল।

Featured