১৭জনৰ মৃত্যুৰ বাবে ৭৬০ বছৰৰ সশ্রম কাৰাদণ্ড হিডাৰ প্রেছডীক

🔹 ৰোগীক বিষাক্ত ইনছুলিন প্রয়োগ পেনছিলভেনিয়াৰ নার্ছৰ

বিশেষ বাৰ্তা, ৫ মে’ : মানৱ সেৱাৰ বাবে উছর্গিত নার্ছ কিমান ঘাতক হ’ব পাৰে, সেয়া আমেৰিকা যুক্তৰাষ্ট্রৰ পেনছিলভেনিয়াৰ ঘটনাই নিদর্শন দাঙি ধৰিছে৷ স্বাভাৱিকতে নার্ছে ৰোগীৰ জীৱন ৰক্ষা কৰিবলৈ অহৰহ প্রয়াস চলায় যদিও পেনছিলভেনিয়াৰ এগৰাকী নার্ছে ৰোগীক বিষাক্ত তথা ঘাতক ইনছুলিন ব্যৱহাৰ কৰাৰ ভয়াৱহ তথ্য পোহৰলৈ অহাই নহয়, নার্ছগৰাকীৰ বিষাক্ত ইনছুলিনৰ বাবে ১৭জন ৰোগীৰ কৰুণ মৃত্যু ঘটিছে৷ ৰোগীক হত্যা কৰাৰ অপৰাধত অভিযুক্ত ৪১ বছৰীয়া হিডাৰ প্রেছডী নামৰ নার্ছগৰাকীক পেনছিলভেনিয়াৰ আদালতে দোষী সাব্যস্ত কৰি ৭০০ বছৰৰ কাৰাদণ্ড বিহিছে৷ গুৰুতৰ অপৰাধত দোষী সাব্যস্ত হোৱা বাবে নার্ছগৰাকীৰ শাস্তি যাৱজ্জীৱন কাৰাদণ্ড হৈছে৷ দোষৰ পর্যায় অনুসৰি দিয়া শাস্তিৰ বাবেই নার্ছগৰাকীয়ে ৩৮০–৭৬০ বছৰলৈ কাৰাগাৰত থাকিব লাগিব৷ এজন মানুহৰ আয়ুসকাল কিমান, সকলোৰে জ্ঞাত যদিও আদালতে দোষী সাব্যস্ত নার্ছগৰাকীক দিয়া শাস্তিৰ কাল চর্চাৰ বিষয় হৈ উঠিছে৷ মন কৰিবলগীয়া যে নার্ছগৰাকীয়ে ১২জন ৰোগীক ঘাতক ইনছুলিন অর্থাৎ পৰিমাণতকৈ অধিক ইনছুলিন ব্যৱহাৰ কৰিছিল৷ যাৰ ফলত ৰোগীজনৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ লগতে পিছলৈ মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছিল৷ বিগত বছৰৰ মে’ মাহত দুগৰাকী ৰোগীৰ নার্ছগৰাকীৰ হাতত মৃত্যু হোৱাৰ পিছত আৰক্ষীৰ অনুসন্ধানৰ আওতালৈ আহে৷ আৰক্ষীয়ে পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত হত্যাকাৰী নার্ছগৰাকীৰ বিৰুদ্ধে অনুসন্ধান আৰু তদন্ত আৰম্ভ কৰাত ১৭জন ৰোগীৰ নার্ছগৰাকীৰ ইনছুলিনৰ বাবেই মৃত্যু ঘটা বুলি প্রমাণিত হয়৷ আদালতে ৪১ বছৰীয়া নার্ছগৰাকীক হত্যা আৰু হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত দোষী সাব্যস্ত কৰি এই শাস্তি বিহে৷

Featured