পৃথিৱীৰ কেন্দ্র ফাটি নির্গত হৈছে হিলিয়াম–৩ গেছ

🔹 ৬ কোটি ২০ লাখ বছৰ পুৰণি আগ্নেয়গিৰিৰ লাভাৰ পৰীক্ষা

বিশেষ বাৰ্তা, ১১ জুন : ফাট মেলিছে পৃথিৱীৰ কেন্দ্রত৷ নির্গত হৈছে বিৰল হিলিয়াম–৩ গেছ৷ মূলতঃ কানাডাৰ আর্কটিক দ্বীপপুঞ্জৰ বাফিন দ্বীপৰ লাভাৰ ওপৰত চলোৱা গৱেষণাত পোৱা তথ্যৰ ভিত্তিত এই দাবী কৰিছে এদল গৱেষকে৷ ইয়াৰ ফলত পূর্বে পৃথিৱীৰ কেন্দ্র সম্পর্কত লাভ কৰা তথ্যসমূহলৈ নামি আহিছে প্রত্যাহ্বান৷ বাফিন দ্বীপত আছে ৬ কোটি ২০ লাখ বছৰ পুৰণি আগ্ণেয়গিৰি৷ এই আগ্ণেয়গিৰিৰ লাভাৰ ওপৰত যৌথ গৱেষণা চলায় কেলিফ’র্নিয়া ইনষ্টিটিউটৰ ভূ–ৰসায়ন তথা হুডছ হোল ওছেনোগ্রাফিক ইনষ্টিটিউটৰ এদল বিজ্ঞানীয়ে৷ ইয়াতে বিজ্ঞানী তথা গৱেষকৰ দলটোৱে ধৰা পেলায় যে লাভাত অস্বাভাৱিকভাৱে উচ্চ মাত্রাত হিলিয়াম–৩ গেছ আছে৷ এই হিলিয়ামৰ এটা আইছোটোপ অর্থাৎ মৌলিক পদার্থটোৰ ভিন্ন পৰমাণু৷ এয়া গ্রহৰ সৈতে সংপৃক্ত৷ অকল সেয়াই নহয়, লাভাৰ পৰা হিলিয়াম–৪ৰ অস্তিত্বও পোৱা গৈছে গৱেষকসকলৰ পৰীক্ষাত৷ গৱেষকসকলে দাবী কৰা অনুসৰি পৃথিৱীৰ কেন্দ্রৰ পৰা নির্গত হৈছে এই গেছ৷ নেচাৰ জার্নালত প্রকাশিত হৈছে এই গৱেষণাৰ ফলাফল৷ ইয়াৰ পিছতে সৃষ্টি হৈছে বিভিন্ন ধৰণৰ বিতর্ক৷ বিজ্ঞানীসকলে দাবী কৰা অনুসৰি ভূ–পৃষ্ঠ স্পর্শ কৰাৰ লগে লগেই এই গেছ বায়ুমণ্ডললৈ যায়৷ ইয়াৰ পিছত লাহে লাহে মহাকাশত মিলি যায় অতি দুর্লভ মৌলিক এই পদার্থটো৷ বিজ্ঞানীসকলৰ এই দাবীক লৈ ভূ–ৰসায়নবিদসকলৰ মাজত সৃষ্টি হৈছে কৌতূহল৷

Featured