গেইলক পিছ পেলোৱাৰ লক্ষ্য হিটমেন ৰোহিতৰ

বিশেষ বাৰ্তা, ৮ ছেপ্টেম্বৰঃ ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অ’পেনাৰ ক্ৰিছ গেইলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ছয় কোবাইছে। কিন্তু এতিয়া ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই ক্ৰিছ গেইলৰ অভিলেখৰ ওপৰত চকু ৰাখিছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ছয়ৰ অভিলেখ ভংগ কৰিব বিচাৰিছে ৰোহিত শৰ্মাই। ক্ৰীড়া সাংবাদিক বিমল কুমাৰৰ সৈতে হোৱা কথা-বতৰাত ৰোহিত শৰ্মাই কয় যে ছয়ৰ ক্ষেত্ৰত মই ক্ৰিছ গেইলক এৰি যাব বিচাৰোঁ। ইউনিভাৰ্ছ বছ নামেৰে পৰিচিত ক্ৰিছ গেইলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ছয় কোবাইছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ক্ৰিছ গেইলৰ ৫৫৩টা ছয় কোবাইছে। একে সময়তে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৫৩৯টা ছয় কোবাইছে। ইউনিভাৰ্ছ বছৰ অভিলেখৰ পৰা মাত্ৰ ১৪ ছয়ৰ দূৰত্বত আছে ৰোহিত শৰ্মা। ৰোহিত শৰ্মাই কয় যে মই সৰুতে প্ৰশিক্ষকে মোক ছয় মাৰিবলৈ বহুত উৎসাহিত কৰিছিল। তেওঁ কয় যে মই ক্ৰিছ গেইলৰ দৰে শক্তিশালী ব্যক্তি নহয়, যিয়ে সহজেই বাউণ্ডেৰীৰ সিপাৰে বল পঠিয়াব পাৰে। ৰোহিত শৰ্মাই কয় যে যেতিয়া মই ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছিলো তেতিয়া সেই সময়ত মোক কোৱা হৈছিল যে ক্ৰিকেটত টাইমিং আটাইতকৈ গুৰুত্বপূৰ্ণ। তেওঁ কয় যে জুনিয়ৰ পৰ্যায়ত শিকাইছিল যে বতাহত ডাঙৰ ডাঙৰ শ্বট খেলিব পাৰি, কিন্তু ইয়াৰ বাবে আপোনাৰ মূৰটো সুস্থিৰ হোৱাটো প্ৰয়োজন। ইয়াৰ বাহিৰেও যিমান পাৰে শৰীৰৰ ওচৰতে বল খেলিব লাগে। ১০ ছেপ্টেম্বৰত এছিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে ছুপাৰ-৪ ৰাউণ্ডত খেলপথাৰত নামিব ভাৰতীয় দলটোৱে। পাকিস্তানৰ বাহিৰেও ভাৰতীয় দলটোৱে ছুপাৰ-৪ ৰাউণ্ডত শ্ৰীলংকা আৰু বাংলাদেশৰ বিৰুদ্ধে খেলিব। একে সময়তে ১৭ ছেপ্টেম্বৰত এছিয়া কাপৰ অন্তিমখন খেল অনুষ্ঠিত হ’ব।

Featured