মানুহ-কৃত্রিম মেধাই হেক কৰিব পাৰে ইভিএম!

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ জুনঃ অলপতে হৈ যোৱা দেশৰ লোকসভা নির্বাচনৰ পূর্বে তথা এই নির্বাচন প্রক্রিয়া চলি থকাৰ মাজতে ইলেক্ট্রনিক ভোটিং মেচিন অর্থাৎ ইভিএমক লৈ বিভিন্ন বিতর্কৰ সৃষ্টি হৈছিল৷ এই বিতর্কৰ মাজতে মার্কিন ধনকুবেৰ তথা স্পেচ এক্স আৰু টেছলাৰ মুৰব্বী এলন মাস্কে ইলেক্ট্রনিক ভোটিং মেচিন বাতিল কৰা উচিত বুলি মন্তব্য কৰিছিল৷ মাস্কে উল্লেখ কৰিছিল যে মানুহ আৰু কৃত্রিম মেধা বা এআইৰ জৰিয়তে এই ইভিএম হেক কৰাৰ সম্ভাৱনা থাকি যায়৷ সেই সম্ভাৱনা ক্ষুদ্র হ’লেও তাৰ প্রভাৱ বিশাল বুলি উল্লেখ কৰিছিল মাস্কে৷ ইয়াৰ পাছতে প্রাক্তন কেন্দ্রীয় মন্ত্রী ৰাজীৱ চন্দ্রশেখৰে উল্লেখ কৰে যে ভাৰতৰ ইভিএম এক স্বতন্ত্র ব্যৱস্থা৷ ইয়াৰ সৈতে কোনো ডিভাইচ বা নেটৱর্কৰ সংস্পর্শ নাই৷ গতিকে ভাৰতৰ ইভিএমৰ কোনো বিসংগতি নাই বুলি মাস্কৰ বক্তব্যক খণ্ডন কৰে চন্দ্রশেখৰে৷ কিন্তু বিৰোধী নেতা ৰাহুল গান্ধীৰ ভাৰতত ইভিএম ‘ব্লেক বক্স’ৰ দৰে হৈ পৰা বুলি মন্তব্য কৰে৷ কংগ্রেছ নেতাগৰাকীয়ে মন্তব্য কৰে যে ভাৰতৰ গণতন্ত্রৰ স্বচ্ছতাক লৈ ইভিএমক কেন্দ্র কৰি অভিযোগ উঠিবলৈ আৰম্ভ কৰিছে৷ অর্থাৎ ইভিএমক লৈ বিৰোধীৰ পূর্বৰ যি ক্ষোভ আজি ৰাহুল গান্ধীৰ কণ্ঠত পুনৰ ধ্বনিত হোৱা দেখিবলৈ পোৱা গ’ল৷ কিন্তু ইয়াৰ কেইঘণ্টামান পাছতে নির্বাচন আয়োগৰ তৰফৰ পৰা ইভিএম হেকিঙক লৈ উঠা সকলো অভিযোগ খণ্ডন কৰা হৈছে৷ অ’টিপিৰে ইভিএম আনলক কৰা সম্ভৱ নহয় বুলি আয়োগৰ বিষয়ববীয়া বন্দনা সূর্যবংশীয়ে স্পষ্ট কৰি দিয়ে৷ উল্লেখ্য যে মুম্বাইত শিৱসেনাৰ সিন্দে গোষ্ঠীৰ সাংসদ ৰবীন্দ্র ৱাকাৰ মাত্র ৪৮টা ভোটত জয়ী হোৱাৰ পাছত ৱাকাৰৰ আত্মীয় মংগেশ পণ্ডিলকৰৰ ম’বাইল ফোনেৰে ইভিএমৰ সম্পর্ক থকা বুলি অভিযোগ উঠিছিল৷ এই সন্দর্ভতেই আয়োগে স্থিতি স্পষ্ট কৰে৷

Featured