সংখ্যালঘুৰ সুৰক্ষাৰ দাবীত ঢাকাৰ ৰাজপথত শ শ নাগৰিক

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ আগষ্টঃ বাংলাদেশত ধর্মীয় সংখ্যালঘু হিন্দুৰ ওপৰত চলি থকা অবর্ণনীয় নির্যাতনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল শ শ নাগৰিক৷ দেশখনৰ ৰাজধানী ঢ়াকাৰ ৰাজপথত  কেইবাশতাধিক লোকে ধর্মীয় সংখ্যালঘু হিন্দুৰ ওপৰত চলি থকা আক্রমণৰ বিৰুদ্ধে প্রতিবাদ জনাইছে৷ প্রধানমন্ত্রী শ্বেখ হাছিনাই পদত্যাগ কৰি ভাৰতলৈ পলায়ন কৰাৰ পাছতে দেশখনত থকা ধর্মীয় সংখ্যালঘু প্রধানতঃ হিন্দুৰ ওপৰত আক্রমণ বৃদ্ধি পাইছে৷ হিন্দুৰ মঠ–মন্দিৰ লণ্ডভণ্ড কৰাৰ লগতে বাসগৃহত আক্রমণ চলাই লুটপাত চলাই আছে৷ এনে হিংসা পৰিস্থিতিৰ মাজত ত্রাসিত হৈ পৰা হিন্দু সম্প্রদায়ৰ লোকৰ সুৰক্ষাৰ দাবীত আজি ঢ়াকাত শ শ নাগৰিকে প্রতিবাদ জনায়৷ প্রতিবাদকাৰীসকলে– ‘আমি কোন হয়, বাঙালী, বাঙালী’ শীর্ষক শ্লোগান দি শান্তিৰ বাবে আহ্বান জনায়৷ প্রতিবাদকাৰীসকলে পোষ্টাৰ আৰু প্লে–কার্ড লৈ বাংলাদেশী সংখ্যালঘুক ৰক্ষাৰ বাবে দাবী জনায়৷ ইপিনে দুটাকৈ হিন্দু সংগঠনে অন্তর্ৱর্তী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছলৈ মুকলি পত্র লিখি বিগত কিছুদিন ধৰি চলি থকা সংখ্যালঘুৰ ওপৰত আক্রমণ ৰোধৰ বাবে দাবী জনায়৷ বাংলাদেশ হিন্দু–বৌদ্ধ–খ্রীষ্টান, ঐক্য পৰিষদ আৰু বাংলাদেশ পূজা উদ্যাপন পৰিষদে হিন্দুৰ ওপৰত চলা নির্যাতনৰ তথ্যসহ মুকলি পত্র লিখিছে মুৰব্বী মহম্মদ ইউনুছলৈ৷ অন্তর্ৱর্তী চৰকাৰ গঠনৰ পাছত দেশখনলৈ শান্তি তথা বাংলাদেশী সংখ্যালঘুৰ ওপৰত নির্যাতন বন্ধ হ’ব বুলি ধাৰণা কৰা হৈছে যদিও সেয়া এতিয়ালৈকে সম্ভৱ হোৱা নাই৷ ইপিনে প্রতিবাদী ছাত্রসকলৰ দাবীত আজি বাংলাদেশ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অবাইদুল হাছানে পদত্যাগ কৰিবলৈ বাধ্য হৈছে৷ ঢ়াকাৰ উচ্চতম ন্যায়ালয়ৰ চৌহদ শ শ প্রতিবাদকাৰীয়ে ঘেৰাও কৰি ৰাখি এঘণ্টাৰ ভিতৰত মুখ্য ন্যায়াধীশক পদত্যাগ কৰিবলৈ দাবী জনায়৷ যদি মুখ্য ন্যায়াধীশগৰাকীয়ে প্রতিবাদকাৰীৰ দাবী মানি নলয় ন্যায়াধীশসকলৰ বাসভৱনত আক্রমণ চলোৱা হ’ব৷ প্রতিবাদকাৰীৰ এই দাবীত সেও মানি মুখ্য ন্যায়াধীশ অবাইদুল হাছানে পদত্যাগ কৰে৷ পদত্যাগ কৰাৰ পূর্বে মুখ্য ন্যায়াধীশগৰাকীয়ে ৰাষ্ট্রপতি মহম্মদ চাহাবুদ্দিনৰ সৈতে আলোচনাত মিলিত হয়৷ পদত্যাগ–পত্র মুখ্য ন্যায়াধীশগৰাকীয়ে আইন মন্ত্রালয়লৈ প্রেৰণ কৰা বুলি সংসদীয় পৰিক্রমাৰ উপদেষ্টা আছিফ নজৰুলে নিশ্চিত কৰে৷ ফেচবুক প’ষ্টত আছিফ নজৰুলে কয়– মই অনুভৱ কৰোঁ যে আপোনালোকৰ কাৰণে এটা বিশেষ বাতৰি শ্বেয়াৰ কৰাৰ আৱশ্যক আছে৷ আমাৰ মুখ্য ন্যায়াধীশগৰাকীয়ে কিছু মিনিট পূর্বে পদত্যাগ কৰিছে৷ তেওঁৰ পদত্যাগ–পত্র আইন মন্ত্রালয়ে লাভ কৰিছে৷ বিলম্ব নকৰাকৈ পৰৱর্তী ব্যৱস্থা গ্রহণ কৰাৰ বাবে এই পত্র ৰাষ্ট্রপতিলৈ প্রেৰণ কৰিম৷ ইপিনে পদত্যাগ কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে উচ্চতম ন্যায়ালয় আৰু নিম্ন আদালতৰ ন্যায়াধীশসকলৰ সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি তেওঁ পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে৷ উল্লেখ্য যে পদত্যাগী প্রধানমন্ত্রী শ্বেখ হাছিনাৰ ঘনিষ্ঠ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হাছানে অন্তর্ৱর্তী চৰকাৰখন বেআইনী বুলিও ঘোষণা কৰাৰ পৰিকল্পনা কৰিছিল বুলি প্রতিবাদকাৰীয়ে গুৰুতৰ অভিযোগ কৰিছে৷

Featured