আমেৰিকা যুক্তৰাষ্ট্রত ঘূৰ্ণি হেলেনৰ সংহাৰ

🔹 ৬৪জনৰ প্রাণহানি : লক্ষ লক্ষ লোকৰ হাহাকাৰ

নিউজ ডেস্ক, ২৯ ছেপ্টেম্বৰ : সামুদ্রিক ঘূর্ণি হেলেনে আমেৰিকা যুক্তৰাষ্ট্রত সংহাৰী ৰূপ ধাৰণ কৰিছে৷ দেশখনৰ দক্ষিণ–পূব প্রান্তৰ প্রদেশসমূহত ঘূর্ণি হেলেনে বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে অতিকমেও ৬৪জনৰ প্রাণ কাঢ়িছে৷ ঘূর্ণি হেলেনৰ ফলত প্রবল বৰষুণে কেইবাটাও অঞ্চল জলমগ্ন কৰাৰ লগতে বিদ্যুৎ বিচ্ছিন্ন কৰিছে৷ ফলত লক্ষ লক্ষ লোকে অন্ধকাৰৰ মাজত হাহাকাৰৰ জীৱন কটাইছে৷ ঘূর্ণিৰ ফলত বাসগৃহৰ বিস্তৰ ক্ষতিসাধন হোৱাত সহস্রাধিক লোক গৃহহাৰা হৈছে৷ গছ–গছনি উভালি পেলোৱাত যাতায়াতত ব্যাঘাত জন্মিছে৷ পথসমূহ বন্ধ হৈ পৰিছে৷ উল্লেখ্য যে বৃহস্পতিবাৰে নিশাৰে পৰা ১৪০ কিলোমিটাৰ বেগত ফ্লৰিডাত প্রৱেশ কৰা ঘূর্ণি হেলেনে জর্জিয়াকে ধৰি বিভিন্ন প্রান্তত সংহাৰী ৰূপ ধাৰণ কৰে৷ নর্থ কেৰ’লিনাৰ ভিতৰুৱা অঞ্চলসমূহত প্রবল বান আৰু ভূমিস্খলন সংঘটিত হয়৷ আন্তঃপ্রদেশীয় ৪০তকৈ অধিক মূল পথ বান আৰু খহনীয়াৰ বাবে বন্ধ হৈ পৰিছে৷ পূব টেনেছিত চিকিৎসালয় বিধ্বস্ত হোৱাত ৰোগীসকলক হেলিকপ্টাৰেৰে আন চিকিৎসালয়লৈ স্থানান্তৰ কৰিবলগীয়া হৈছে৷ প্রতিকূল বতৰৰ বাবে ঘূর্ণি হেলেনে সংহাৰ চলোৱা অঞ্চলসমূহত উদ্ধাৰ অভিযানত জটিলতাৰ সৃষ্টি হৈছে৷

Featured