৬ মহীয়া অন্তঃসত্ত্বা পত্নীক বিছনাত বান্ধি জ্বলালে স্বামীয়ে

🔹 অমৃতসৰৰ ঘটনাক লৈ দেশজুৰি চাঞ্চল্য

বিশেষ বাৰ্তা, ২১ এপ্রিল : পঞ্জাবত নৃশংস আক্রমণৰ বলি হ’ল মহিলা৷ অন্তঃসত্ত্বা পত্নীক বিছনাত বান্ধি জীৱন্তে জ্বলালে স্বামীয়ে৷ পিংকী নামৰ ৬ মাহৰ অন্তঃসত্ত্বা মহিলাগৰাকীক পৰহি পঞ্জাবৰ অমৃতসৰত স্বামী সুখদেৱে বিছনাত বান্ধি জীৱন্তে জ্বলায়৷ আৰক্ষী সূত্রই সদৰী কৰিছে এই তথ্য৷ ঘটনাৰ পাছৰে পৰা পলাতক অৱস্থাত আছে অভিযুক্ত সুখদেৱ৷ আৰক্ষী আৰু স্থানীয় সূত্রই সদৰী কৰা অনুসৰি, অমৃতসৰৰ ৰায়া অঞ্চলৰ বুলেদ গাঁৱত এই দম্পতীৰ মাজত সঘনে কাজিয়া হৈছিল৷ পৰহিও দুয়ো স্বামী–স্ত্রীৰ মাজত দুর্বাদল কাজিয়া লাগে৷ পৰিস্থিতি এনে পর্যায় পায়গৈ যে স্বামী সুখদেৱে পত্নী পিংকীক বিছনাত বান্ধি লৈ জুই জ্বলাই দিয়ে৷ ঘটনাস্থলীতে মৃত্যু হয় পিংকী দেৱীৰ৷ আৰক্ষীয়ে এই ঘটনা সন্দর্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷ এই ঘটনা পোহৰলৈ অহাৰ লগে লগে সমগ্র দেশত সৃষ্টি হৈছে চাঞ্চল্য৷ উল্লেখনীয় যে যোৱা বছৰ অক্টোবৰ মাহত দক্ষিণ ভাৰতৰ চেন্নাইত একেই ধৰণে চাৰিমহীয়া গর্ভৱতী পত্নীৰ শৰীৰত কেৰাচিন ঢালি জুই জ্বলাই দিয়াৰ অভিযোগ উঠিছিল স্বামীৰ বিৰুদ্ধে৷ সুৰাপানক লৈ স্বামী–স্ত্রীৰ মাজত হোৱা কাজিয়াৰ ফলত চেন্নাইত ঘটনাই তেনে পর্যায় পাইছিল৷ এইবাৰ একেই ঘটনাৰ সাক্ষী হ’ল অমৃতসৰ৷

Featured