কন্যা সন্তান বিয়া দিব পাৰিব ৯ বছৰ বয়সতে

🔹 সংসদত বিতর্কিত প্রস্তাৱক লৈ বিক্ষোভত উত্তাল এখন দেশ

নিউজ ডেস্ক, ১০ আগষ্ট : মাত্র ৯ বছৰ বয়সতে কন্যা সন্তানক বিয়া দিব পাৰিব ইৰাকত! এনে আইন গৃহীত কৰিবলৈ প্রস্তাৱ অনা হৈছে দেশখনত৷ বর্তমান দেশখনৰ তৰুণীসকলৰ বিয়াৰ আইনী বয়স ১৮ বছৰ৷ কিন্তু এইবাৰ এই আইন সলনি কৰিবলৈ উদ্যোগী হৈছে ইৰাকৰ ন্যায় মন্ত্রালয়৷ এনে প্রস্তাৱ পোহৰলৈ অহাৰ পাছতে ইৰাকজুৰি আৰম্ভ হৈছে বিক্ষোভ৷ চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে তীব্র ক্ষোভ উজাৰিছে মহিলাসকলে৷ জানিব পৰা গৈছে যে বিবাহৰ বৈধ বয়স কমোৱাৰ ক্ষেত্রত এটা প্রস্তাৱ গৃহীত হৈছে ইৰাকৰ সংসদত৷ এই প্রস্তাৱত কোৱা হৈছে যে তৰুণীসকলৰ বিয়াৰ ন্যূনতম বয়স এইবাৰৰ পৰা ৯ বছৰলৈ হ্রাস কৰা হ’ব৷ হ্রাস কৰা হ’ব তৰুণসকলৰ বিয়াৰ বয়সো৷ ১৫ বছৰ বয়স হ’লেই ইৰাকৰ তৰুণে বিবাহপাশত আবদ্ধ হ’ব পাৰিব৷ ইৰাক চৰকাৰৰ মতে অনৈতিক সম্পর্কত জড়িত হৈ পৰা ঘটনা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ এনে ঘটনাক প্রতিৰোধ লগাবলৈ এই প্রস্তাৱ অনা হৈছে৷ জুলাই মাহৰ শেষ ভাগত এই প্রস্তাৱ গৃহীত হয় ইৰাকৰ সংসদত৷ অৱশ্যে এইবাৰ সাংসদসকলৰ প্রবল আপত্তিত এই প্রস্তাৱ প্রত্যাহাৰ কৰিবলৈ বাধ্য হয় ইৰাক চৰকাৰ৷ কিন্তু এই বিতর্কিত প্রস্তাৱৰ প্রতি সমর্থন জনায় দেশৰ প্রভাৱশালী ছিয়া ধর্মগুৰুসকলে৷ দেশৰ সংসদতো এই ধর্মগুৰুসকলৰ যথেষ্ট প্রভাৱ আছে৷ এই ধর্মগুৰুসকলৰ সমর্থন লৈয়ে আকৌ সংসদত দাখিল কৰা হৈছে বিতর্কিত প্রস্তাৱটো৷

Featured