৯ হাজাৰ কিলোমিটাৰ দূৰত্বভেদি ক্ষেপণাস্ত্র নির্মাণ ভাৰতৰ

🔹 পাকিস্তান–চীনৰ নিদ্রাহৰণ কৰিব নৌসেনাই

নিউজ ডেস্ক, ১২ ছেপ্টেম্বৰ : এইবাৰ ভাৰতে নিদ্রাহৰণ কৰিব পাকিস্তানৰ৷ দুশ্চিন্তাত পৰিব চীন৷ আটাইতকৈ শক্তিশালী ক্ষেপণাস্ত্র নির্মাণ কৰিবলৈ গৈছে প্রতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডিঅ’)ই৷ পৰমাণু অস্ত্র বহনত এই ক্ষেপণাস্ত্র থাকিব নৌসেনাৰ ছাবমেৰিনত৷ দীর্ঘ দূৰত্বভেদি এই বেলিষ্টিক ক্ষেপণাস্ত্রৰ নাম কে–৫৷ ডিআৰডিঅ’ৰ সূত্রই সদৰী কৰা অনুসৰি ৯০০০ কিলোমিটাৰ দূৰত্বত আক্রমণ চলাবলৈ সক্ষম এই আধুনিক অস্ত্র৷ দেশীয় প্রযুক্তিত নির্মাণ কৰা এই ক্ষেপণাস্ত্রটোৱে ২০০০ কিলোগ্রাম বিস্ফোৰক বহন কৰিব পাৰিব৷ কে–৫ বিপজ্জনক, কাৰণ শত্রুপক্ষৰ ৰাডাৰত ধৰা নপৰিব এই ক্ষেপণাস্ত্র৷ ইয়াৰ উপৰি এমআইআৰভি প্রযুক্তি ব্যৱহাৰ কৰাৰ ফলত একেলগে একাধিক লক্ষ্যত আক্রমণ চলাবলৈ সক্ষম এই ক্ষেপণাস্ত্রবিধ৷ ইতিমধ্যে ভাৰতৰ হাতত আছে কে–৪ ক্ষেপণাস্ত্র৷ সেই ক্ষেপণাস্ত্রটোৱে সর্বাধিক ৩৫০০ কিলোমিটাৰ দূৰত্বত আক্রমণ চলাব পাৰে৷ এইবাৰ কে–৫ আৰু কে–৬ ক্ষেপণাস্ত্র নির্মাণ কৰি আছে ডিআৰডিঅ’ই৷ ৩৯ ফুট দৈর্ঘ্যৰ কে–৬ ক্ষেপণাস্ত্রই ৩০০০ কিলোগ্রাম পৰমাণু বিস্ফোৰক বহন কৰিব পাৰিব৷ সর্বাধিক ১২০০০ কিলোমিটাৰ দূৰত্বত আক্রমণ চলাবলৈ সক্ষম কে–৬ ক্ষেপণাস্ত্র৷ ভাৰত মহাসাগৰীয় অঞ্চলৰ পৰা এই ক্ষেপণাস্ত্র নিক্ষেপ কৰিলে পাকিস্তান আৰু চীনৰ বিভিন্ন অঞ্চলত সৃষ্টি হ’ব পাৰে ধ্বংসলীলা৷

Featured