পৃথিৱীৰ তৃতীয় ক্ষমতাশালী দেশ হ’ল ভাৰত

🔹 পিছ পৰিল জাপান

🔹পাকিস্তান ১৬-বাংলাদেশ ২০

নিউজ ডেস্ক, ২৬ ছেপ্টেম্বৰ : বিশ্বৰ তৃতীয় ক্ষমতাশালী দেশ ভাৰত৷ জাপানক অতিক্রম কৰি ভাৰতে এই স্বীকৃতি লাভ কৰিছে৷ কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রালয়ে এক বিবৃতিযোগে ভাৰতে বিশ্বৰ তৃতীয় ক্ষমতাশালী দেশত পৰিণত হোৱা বুলি প্রকাশ কৰিছে৷ বিবৃতিত প্রকাশ কৰা মতে, ভাৰতে লাভ কৰা এই কৃতিত্বই এছিয়া–প্রশান্ত মহাসাগৰীয় অঞ্চলৰ ভূ–ৰাজনৈতিক পৰিদৃশ্য সলনি কৰাত গুৰুত্বপূর্ণ ভূমিকা ল’ব৷ ল’ৱি ইনষ্টিটিউটৰ এছিয়া পাৱাৰ ইনডেক্সৰ তালিকাত ৮টা গুৰুত্বপূর্ণ বিষয়ৰ আধাৰত ভাৰতে এই স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে৷ এছিয়া–প্রশান্ত মহাসাগৰীয় অঞ্চলৰ ২৭খন দেশৰ ৮টা বিষয়ক প্রাধান্য দি প্রস্তুত কৰা তালিকাখনত ভাৰতে গতিশীল বিকাশ, যুৱ জনসংখ্যা, অর্থনীতিৰ সম্প্রসাৰণ আদিৰে আঞ্চলিক শক্তিত পৰিণত হৈছে বুলি বিবৃতিত প্রকাশ পাইছে৷ এছিয়া পাৱাৰ ইনডেক্সৰ তালিকাত জাপানক অতিক্রম কৰি ভাৰত তৃতীয় বৃহৎ ক্ষমতাশালী দেশ হিচাপে পৰিগণিত হোৱাটোৱে অঞ্চলটোৰ ভূ–চিত্র সলনিত প্রভাৱ পেলাব৷ ২০১৮ চনত ল’ৱি ইনষ্টিটিউটে আৰম্ভ কৰা এছিয়া পাৱাৰ ইনডেক্সত প্রধানতঃ অঞ্চলটোৰ বাহ্যিক ভূ–ৰাজনৈতিক প্রত্যাহ্বানক কিদৰে মোকাবিলা কৰা হৈছে, সেই সন্দর্ভতো দেশসমূহৰ পদক্ষেপক সাঙুৰি লোৱা হৈছে৷ ৮টা মূল বিষয়ৰ ভিতৰত অর্থনৈতিক সক্ষমতা, সামৰিক সক্ষমতা আৰু কূটনৈতিক প্রভাৱতো ভাৰতে পূর্বতকৈ অধিক সক্ষমতা প্রদান কৰিবলৈ সক্ষম হৈছে৷ বিবৃতিত প্রকাশ পোৱা মতে, ২০২৪ চনৰ এছিয়া পাৱাৰ ইনডেক্সৰ তালিকাত ভাৰতৰ উত্তৰণৰ ক্ষেত্রত মহামাৰীৰ পাছত অর্থনীতিৰ পুনৰুদ্ধাৰ আৰু অর্থনৈতিক বিকাশৰ গতিশীলতাই অধিক প্রভাৱ পেলাবলৈ সক্ষম হৈছে৷ ভাৰতৰ অর্থনৈতিক সক্ষমতা ৪.২ উজ্জীৱিত হোৱাৰ লগতে শক্তিশালী জিডিপি বিকাশ আছে৷ উল্লেখ্য যে ভাৰতে বহু দেশীয় কূটনীতি আৰু আঞ্চলিক নিৰাপত্তাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে৷ ভাৰতৰ কোৱাড গোটৰ লেখীয়া আন আন্তঃৰাষ্ট্রীয় গোটৰ সৈতে অংশগ্রহণে দেশখনক জাপানক অতিক্রম কৰাৰ ক্ষেত্রত প্রাধান্য পাইছে৷ উল্লেখ্য যে সামৰিক সক্ষমতা, ৰাজনৈতিক পৰিস্থিতি আৰু সাংস্কৃতিক প্রভাৱৰ ক্ষেত্রত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দক্ষতাই দেশখনক অধিক আগুৱাই লৈ গৈ আছে বুলি মন্ত্রালয়ে বিবৃতিত প্রকাশ কৰিছে৷ আনহাতে, চুবুৰীয়া ৰাষ্ট্র পাকিস্তানে তালিকাত ১৬ আৰু বাংলাদেশ ২০ত আছে৷ গুৰুত্বপূর্ণ যে তালিকাৰ শীর্ষত আমেৰিকা যুক্তৰাষ্ট্র আৰু দ্বিতীয় স্থানত চীন৷

Featured