২০৩৬ত অলিম্পিক আয়োজন কৰিব ভাৰতে

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ আগষ্টঃ ভাৰতেও অলিম্পিক আয়োজন কৰাৰ পূর্ণ সম্ভাৱনা আছে৷ এই দৃঢ় বিশ্বাস ফ্রান্সৰ ৰাষ্ট্রপতি হমানুৱেল মেক্রনৰ৷ ২০৩৬ চনত অলিম্পিক আয়োজন কৰিবলৈ আগ্রহী ভাৰত৷ কিন্তু কেৱল ভাৰতেহ নহয়, অলিম্পিক আয়োজনৰ বাবে আন বহু দেশে আবেদন কৰিব৷ মেক্রনৰ বিশ্বাসে ভাৰতে অলিম্পিক আয়োজন কৰাৰ সুযোগ লাভ কৰাৰ অধিক সম্ভাৱনা আছে৷ ভাৰতৰ বাহিৰেও ইজিপ্তয়েও ২০৩৬ চনৰ অলিম্পিক আয়োজন কৰিবলৈ আগ্রহী৷ এহ দুয়োখন দেশে কেতিয়াও অলিম্পিক আয়োজন কৰা নাই৷ দুয়োখন দেশেই ক্রীড়াৰ ক্ষেত্রত উন্নতি কৰিব বিচাৰে৷ অলিম্পিক সম্প্রচাৰকগৰাকীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মেক্রনে কয়, ‘মই বিশ্বাস কৰোঁ ভাৰত অতি শক্তিশালী৷ ভৱিষ্যতে আৰু শক্তিশালী হ’ব৷ এনে প্রতিযোগিতা আয়োজন কৰিবলৈ প্রয়োজনীয় আন্তঃগাঁথনি নির্মাণৰ ক্ষমতা ভাৰতত আছে৷ অলিম্পিক এখন ডাঙৰ প্রতিযোগিতা৷ ইয়াৰ ব্যৱস্থা কৰাটো বৰ সহজ নহয়৷ সাত বছৰ আগতে যেতিয়া আমি অলিম্পিক আয়োজন কৰিবলৈ আবেদন কৰিছিলোঁ তেতিয়া আমি আমেৰিকাৰ বিৰুদ্ধে যুঁজিবলগীয়া হৈছিল৷ কিন্তু ২০২৪ চনৰ অলিম্পিক আয়োজন কৰাৰ দায়িত্ব আমি পাহছিলোঁ৷ আমেৰিকাৰ লছ এঞ্জেলছ চহৰক ২০২৮ চনৰ দায়িত্ব অর্পণ কৰা হৈছে৷ তাৰ লগতে মেক্রনে কয় যে এহবাৰ অলিম্পিক আয়োজন কৰাত ফ্রান্সে ভাৰতৰ সহায় পাইছে৷ একেদৰে যদি ভাৰতে অলিম্পিক আয়োজন কৰে তেন্তে ফ্রান্সে সহায় কৰিব৷ মেক্রনে কয়, ‘আমি ভাৰতৰ সৈতে একেলগে কাম কৰিছোঁ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে মোক এটা কাৰিকৰী দল পঠিয়াবলৈ ক’লে৷ যেনেকৈ আমি এইবাৰ অলিম্পিক আয়োজন কৰাত ভাৰতৰ সহায় লৈছিলোঁ৷ যদি আমি ভাৰতৰ সৈতে ব্যৱস্থাৰ সবিশেষ শ্বেয়াৰ কৰোঁ তেন্তে ই তেওঁলোককো সহায় কৰিব৷’

Featured