কাইলৈ বাংলাদেশৰে ৱার্মআপ মেচ টীম ইণ্ডিয়াৰ 

🔹 নিউয়র্কত অনুশীলনত ব্যস্ত ৰোহিত শর্মা বাহিনী

বিশেষ বাৰ্তা, ৩১ মে’ : টি–২০ বিশ্বকাপত অংশ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে নিউয়র্কত উপস্থিত হোৱা ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় দলটোৱে প্রস্তুতি আৰম্ভ কৰিছে৷ তাৰকা বেটাৰ বিৰাট কোহলি অবিহনে টীম ইণ্ডিয়াই পূর্ণোদ্যমে প্রস্তুতি চলাই আছে৷ ২ জুনৰ পৰা আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত যুটীয়াভাৱে অনুষ্ঠিত হ’বলগীয়া প্রতিযোগিতাখনৰ পূর্বে কাইলৈ ভাৰতীয় দলটোৱে একমাত্র ৱার্মআপ মেচখনত ভাগ ল’ব৷ টীম ইণ্ডিয়াৰ প্রতিদ্বন্দ্বী হ’ল বাংলাদেশ৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল আমেৰিকাৰ পৰিৱেশ৷ আইপিএলৰ সময়ছোৱাত ভাৰতৰ বিভিন্ন ষ্টেডিয়ামত প্রচণ্ড গ্রীষ্মপ্রবাহৰ মাজত খেলা ভাৰতীয় দলটোৱে আমেৰিকাত পাইছে শীতৰ প্রভাৱ৷ এনে পৰিপ্রেক্ষিতত আমেৰিকাৰ পৰিৱেশৰ সৈতে খাপ খুৱাবলৈ চেষ্টা কৰিছে ভাৰতীয় দলটোৰ খেলুৱৈসকলে৷ ভাৰতীয় দলটোৱে পুৱাৰ ভাগত অধিক অনুশীলনত ভাগ লৈছে৷ কাইলৈৰ ৱার্মআপ মেচখনত তাৰকা বেটাৰ বিৰাট কোহলি অবিহনে ভাগ ল’ব ভাৰতীয় দলটোৱে৷ কোহলিয়ে বৃহস্পতিবাৰে নিউয়র্কলৈ যাত্রা কৰিছে আৰু কাইলৈ বাংলাদেশৰে খেলিবলগীয়া ৱার্মআপ মেচখনত অংশগ্রহণ কৰিব নোৱাৰাটো খাটাং হৈ পৰিছে৷ ভাৰতীয় দলটোৱে ৫ জুনত আয়াৰলেণ্ডৰ বিপক্ষে খেলি টি–২০ বিশ্বকাপত অভিযান আৰম্ভ কৰিব৷

Featured