যৌন অপৰাধত আমেৰিকাত গ্রেপ্তাৰ ভাৰতীয় চিকিৎসক

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ আগষ্টঃ নগ্ন শিশুৰ ভিডিঅ’ প্রস্তুত কৰাৰ অভিযোগত আমেৰিকাত এগৰাকী ৪০ বছৰীয়া ভাৰতীয় চিকিৎসকক গ্রেপ্তাৰ কৰা হৈছে৷ অকল শিশুৱেই নহয়, বহু মহিলাৰ আপত্তিজনক ভিডি’ প্রস্তুত কৰিছিল চিকিৎসকগৰাকীয়ে৷ যোৱা ৮ আগষ্টত উমেইৰ আইজাজ নামৰ এই চিকিৎসকগৰাকীক গ্রেপ্তাৰ কৰা হয়৷ বিশেষকৈ স্নানাগাৰ, হাস্পতালৰ কোঠা আৰু বিভিন্ন স্থানত শিশু তথা মহিলাসকলৰ ভিডিঅ’ প্রস্তুত কৰিছিল আইজাজে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি বহু যৌন অপৰাধৰ অভিযোগ আছে চিকিৎসকগৰাকীৰ বিৰুদ্ধে৷ মিচিগান প্রদেশৰ অকলেণ্ড কাউণ্টীত থকা চিকিৎসকগৰাকীৰ বাসগৃহত তালাচী চলায় আৰক্ষীয়ে৷ বহু ভিডিঅ’ থকা এক হার্ড ড্রাইভ জব্দ কৰিছে৷ এই ড্রাইভত মুঠ ১৩ হাজাৰ ভিডিঅ’ থকা বুলি দাবী কৰিছে আৰক্ষীয়ে৷ লক্ষণীয়ভাৱে কেইবাবছৰ পূর্বৰে পৰা হাস্পতালত অচেতন অৱস্থাত মহিলাক যৌন নির্যাতন চলাই আহিছিল বুলিও আইজাজৰ বিৰুদ্ধে অভিযোগ আনিছে আৰক্ষীয়ে৷ ইতিমধ্যে ফক্স নিউজে এই সন্দর্ভত সবিশেষ তথ্য সদৰী কৰিছে৷

Featured