হাড় কঁপোৱা ঠাণ্ডাত মৃত্যু ভাৰতীয় ছাত্রৰ

🔹 আমেৰিকাৰ ক্লাবত প্রৱেশত বাধা কর্তৃপক্ষৰ

বিশেষ বাৰ্তা, ২৩ ফেব্রুৱাৰী : এমাহ পূর্বে আমেৰিকাত মৃত্যু হৈছিল ভাৰতীয় বংশোদ্ভৱ ছাত্র অকুল ধাৱানৰ৷ শেহতীয়াকৈ ধাৱানৰ মৃত্যুৰ তথ্য পোহৰলৈ আহিছে৷ প্রচণ্ড শীতত ধাৱানৰ মৃত্যু হৈছিল বুলি সংবাদ মাধ্যমে প্রকাশ কৰিছে৷ বাৰে বাৰে অনুৰোধ জনোৱা সত্ত্বেও অকুল ধাৱানক নাইট ক্লাবত প্রৱেশ কৰিবলৈ দিয়া হোৱা নাছিল৷ চি চি টিভি কেমেৰাৰ ফুটেজত ধৰা পৰিছে এই সমগ্র ঘটনা৷ নিশা প্রচণ্ড শীতত হাইপোথার্মিয়াত আক্রান্ত হৈছিল অকুল৷ ইয়াৰ ফলতেই ভাৰতীয় বংশোদ্ভৱ ছাত্রজনৰ মৃত্যু হয়৷ চিকাগোৰ ইলিনই বিশ্ববিদ্যালয়ৰ ছাত্র আছিল অকুল৷ বিশ্ববিদ্যালয়খনৰ চৌহদৰ নাইট ক্লাবত যোৱা ২০ জানুৱাৰীৰ নিশা কেইবাজনো বন্ধুৰ সৈতে প্রৱেশ কৰাৰ চেষ্টা চলাইছিল অকুলে৷ কিন্তু অন্যসকলক ক্লাবটোত প্রৱেশ কৰিবলৈ দিয়া হয় যদিও অকুলক প্রৱেশৰ ক্ষেত্রত বাধা প্রদান কৰে কর্তৃপক্ষই৷ এই ঘটনাক কেন্দ্র কৰি এতিয়া সমগ্র আমেৰিকাত সৃষ্টি হৈছে তীব্র চাঞ্চল্য৷

Featured