চন্দ্রৰ দক্ষিণ মেৰুত অৱতৰণ কৰা নাই ভাৰতৰ চন্দ্রযান–৩য়ে

🔹 চীনৰ মহাকাশ বিজ্ঞানী কুয়াং জিয়ুৱানৰ দাবী

বিশেষ বাৰ্তা, ২৯ ছেপ্টেম্বৰ : পৃথিৱীতে নহয়, ভাৰতৰ বিৰুদ্ধে বহিঃবিশ্ব তথা মহাকাশৰ বাহিৰতো বৈৰী মনোভাব প্রকাশ পাইছে চীনৰ৷ চন্দ্রৰ দক্ষিণ মেৰুত যোৱা ২৩ ছেপ্টেম্বৰত যান অৱতৰণ কৰাই বিশ্বৰ প্রথম দেশ হিচাপে ভাৰতে ইতিহাস গঢ়াৰ পাছত ভাৰতৰ এই ইতিহাসক নস্যাৎ কৰিছে চীনৰ চন্দ্র অভিযানৰ জনকস্বৰূপ বিজ্ঞানী কুয়াং জিয়ুৱানে৷ চন্দ্রৰ দক্ষিণ মেৰুত যান অৱতৰণেৰে ভাৰতে ইতিহাস গঢ়া সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰি চীনৰ বিজ্ঞানীজনে ভাৰতৰ এই দাবীক নস্যাৎ কৰিছে৷ বিজ্ঞানী জিয়ুৱানে চীনা ভাষাৰ ছায়েঞ্চ টাইমছ বাতৰিকাকতত চন্দ্রযান–৩ অৱতৰণ কৰা স্থানখিনি চন্দ্রৰ দক্ষিণ মেৰু নহয় বুলি দাবী কৰিছে৷ বিজ্ঞানী জিয়ুৱানে প্রকাশ কৰা মতে, চন্দ্রযান–৩ৰ অৱতৰণস্থলী হৈছে দক্ষিণ অক্ষাংশৰ ৬৯ ডিগ্রী৷ এই স্থানখিনি চন্দ্রৰ দক্ষিণ মেৰুৰ সমীপৰ নহয়৷ কিয়নো চন্দ্রৰ দক্ষিণ মেৰুৰ সমীপক ৮৮.৫–৯০ ডিগ্রী দক্ষিণ অক্ষাংশৰ মাজত নির্ধাৰণ কৰি ৰখা হৈছে৷ পৃথিৱীৰ মতে ৬৯ ডিগ্রী দক্ষিণ অক্ষাংশ এণ্টার্টিক চার্কলৰ ভিতৰত পৰিব৷ কিন্তু চন্দ্রৰ এই চার্কল মেৰুৰ অতি নিকটতম হ’ব৷ গতিকে ভাৰতে চন্দ্রৰ দক্ষিণ মেৰু পৃষ্ঠত যান অৱতৰণ কৰা বুলি দাবী কৰাটো ভুল হ’ব বুলি কয় বিজ্ঞানী জিয়ুৱানে৷ মেৰু অঞ্চলৰ পৰা চন্দ্রযান–৩ৰ অৱতৰণস্থলী ৬১৯ কিলোমিটাৰ দূৰত্বত৷ এই অৱতৰণস্থলী চন্দ্রৰ দক্ষিণ মেৰুত নহয়৷ চন্দ্রৰ দক্ষিণ মেৰু অঞ্চলতো নহয়৷ আনকি ই দক্ষিণ মেৰু অঞ্চলৰ সমীপতো নহয় বুলি দাবী কৰিছে বিজ্ঞানীজনে৷ চীনৰ বিজ্ঞানীৰ এই দাবীক লৈ এতিয়াও ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৱে একো প্রতিক্রিয়া ব্যক্ত কৰা নাই৷

Featured