সলনি হ’ব পাৰে ভাৰতৰ টি–২০ বিশ্বকাপ দল!

নিয়মীয়া বাৰ্তা ডিজিটেল, ২ মে’ : বিশ্ব জয়ৰ লক্ষ্যৰে মঙলবাৰে বিচিচিআয়ে আগন্তুক টি–২০ বিশ্বকাপৰ বাবে ১৫জনীয়া দলটো ঘোষণা কৰে৷ অজিত আগৰকাৰৰ নেতৃত্বত নির্বাচকসকলে নির্বাচিত কৰা ১৫জনীয়া ভাৰতীয় দলত কে এল ৰাহুল, ৰিংকু সিং, শুভমন গিলৰ দৰে তাৰকাৰ স্থান নাছিল৷ ৰবি বিষয়ৰ দৰে ফর্মত থকা খেলুৱৈকো বিশ্বকাপ দলৰ পৰা বাদ দিয়া হৈছে৷ ইতিমধ্যে দলৰ নির্বাচন সন্দর্ভত আৰম্ভ হৈছে সমালোচনাৰ৷ অৱশ্যে ১৫ জনীয়া দলটোত এতিয়াও সালসলনি কৰিব পাৰে নির্বাচকসকলে৷ সঞ্জু ছেমছন, শিৱম ডুবে, মহম্মদ ছিৰাজক ঘোষিত দলত অন্তর্ভুক্ত কৰা হৈছে৷ কিন্তু ৰিংকু সিং, শুভমান গিল আৰু কে এল ৰাহুলে স্থান নাপালে৷ কিহৰ ভিত্তিত এই তিনিজন তাৰকা খেলুৱৈ ভাৰতীয় বিশ্বকাপ দলটোত স্থান নাপালে ইয়াক লৈ ছ’চিয়েল মিডিয়াত হুলস্থূলৰ সৃষ্টি হৈছে৷ প্রশ্ন উত্থাপন হৈছে দল নির্বাচনত জাতীয় দলৰ পূর্বৰ প্রদর্শনতকৈ আই পি এলৰ ৰূপটোৱে অধিক অগ্রাধিকাৰ লাভ কৰিছেনে? যদিহে আই পি এলত ফর্ম নিশ্চিত কৰিব লাগে তেন্তে ৰিংকুক বাদ দিয়াটো অস্বাভাৱিক নহয়৷ এহবাৰৰ আই পি এলত ৰিংকুৱে তেনেকৈ বেটিং কৰাৰ সুযোগ নাপালে৷ শুভমন গিলো দুর্দান্ত ফর্মত নাই৷ বর্তমান অৰেঞ্জ কেপ লাভৰ দৌৰৰ দ্বিতীয় স্থানত আছে চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক ৰুতুৰাজ গাইকোৱাড৷ কিন্তু কিয় তেওঁক বাদ দিয়া হ’ল? এই ছিজনত কে এল ৰাহুলৰ ফর্মো ভাল, গতিকে তেওঁৰ কথা কিয় ভবা নহ’ল? উহকেটৰক্ষক হিচাপে ঋষভ পণ্টৰ প্রত্যাৱর্তনত বাদ পৰিল লোকেশ ৰাহুল৷ দ্বিতীয় ৰক্ষক হিচাপে নির্বাচিত হয় ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু ছেমছন৷ অৱশ্যে বিচিচিআয়ে ইচ্ছা কৰিলে দল সলনি কৰিব পাৰে৷ কাৰণ আই চি চিৰ নিয়ম অনুসৰি ২৫ মে’লৈকে ঘোষণা কৰা ১৫ জনীয়া দলটো সলনি কৰিব পৰা যাব৷ ফলস্বৰূপে তাৰকা উইকেটকীপাৰ–বেটাৰ লোকেশ ৰাহুলে বিশ্বকাপ দলত সুযোগ লাভ কৰাৰ এতিয়াও আশা আছে৷ ৰিংকু সিঙৰ লগতে শুভমন গিলেও দলটোলৈ প্রত্যাৱর্তন কৰিব পাৰে৷ পাকিস্তান, আয়াৰলেণ্ড, কানাডা আৰু আমেৰিকাৰ সৈতে টি–২০ বিশ্বকাপৰ গ্রুপ ‘এ’ত আছে ভাৰত৷ ভাৰতৰ প্রথমখন খেল ৫ জুনত নিউয়র্কত আয়াৰলেণ্ডৰ বিৰুদ্ধে৷ ৯ জুন ভাৰত বনাম পাকিস্তানৰ হাইভল্টেজ মেচ৷ সেই মেচখনো নিডয়র্কত৷ ১২ জুনত ভাৰত বনাম আমেৰিকাৰ খেল৷ গ্রুপৰ অন্তিমখন খেল ১৫ জুনত কানাডাৰ বিৰুদ্ধে৷

Featured