অনন্ত আম্বানিৰ বিবাহানুষ্ঠানত উপস্থিত ইভানকা ট্ৰাম্প

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ মাৰ্চঃ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কন্যা তথা হোৱাইট হাউছৰ প্ৰাক্তন উপদেষ্টা ইভাংকা ট্ৰাম্পে আজি গুজৰাটৰ জামনগৰত উপস্থিত হয়। শুকুৰবাৰৰ পৰা জামনগৰত আৰম্ভ হৈছে মুকেশ আম্বানিৰ পুত্ৰ অনন্ত আম্বানি আৰু ৰাধিকা মাৰ্চেণ্টৰ তিনিদিনীয়া বিবাহৰ অনুষ্ঠান। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ সমগ্ৰ বিশ্বৰ পৰা আন্তঃৰাষ্ট্ৰীয় অতিথিসকল আহি আছে। বৰ্তমান জামনগৰ বিমানবন্দৰ অন্যতম ব্যস্ত বিমানবন্দৰত পৰিণত হৈছে। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি হোৱাৰ উপৰি ড’নাল্ড ট্ৰাম্প এজন ডাঙৰ ব্যৱসায়ীও। আম্বানি পৰিয়ালৰ সৈতেও তেওঁৰ সম্পৰ্ক আছে। ব্যৱসায়িক জগতত ট্ৰাম্প এক ডাঙৰ নাম। এই কাৰণেই অনন্ত আম্বানি-ৰাধিকা মাৰ্চেণ্টৰ বিবাহ অনুষ্ঠানলৈ ট্ৰাম্প পৰিয়ালকো আমন্ত্ৰণ জনোৱা হৈছিল। ট্ৰাম্প পৰিয়ালৰ হৈ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ আহিছে ইভানকা। গুজৰাটৰ জামনগৰ বিমানবন্দৰত এজনৰ পিছত এজনকৈ আহি আছে আন্তঃৰাষ্ট্ৰীয় অতিথি। ইভানকাৰ বাহিৰেও বহু ভিভিআইপি অতিথি ইয়াত উপস্থিত হ’বলৈ গৈ আছে। মৰ্গান ষ্টেনলিৰ চিইঅ’ টেড পিক, মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেটছ, ডিজনীৰ চিইঅ’ বব ইগাৰ, ব্লেকৰকৰ চিইঅ’ লেৰী ফিংক, একনটৰ চিইঅ’ চুলতান আহমেদ আল জেবাৰ আৰু ইএল ৰথচাইল্ডৰ অধ্যক্ষ লিন ফৰেষ্টাৰ ডি ৰথচাইল্ডকে ধৰি অতিথিসকলে তিনিদিনীয়া এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে বুধবাৰৰ পৰা আৰম্ভ হৈছে অনন্ত আম্বানি আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহ অনুষ্ঠানৰ কাউণ্টডাউন। এই নতুন দম্পতীয়ে গুজৰাটৰ জামনগৰত অনুষ্ঠিত ‘অন্ন সেৱা’ত অংশগ্ৰহণ কৰি হাজাৰ হাজাৰ স্থানীয় লোকক খাদ্য পৰিবেশন কৰে। ফাৰ্মা টাইকুন বীৰেন মাৰ্চেণ্টৰ কন্যা ৰাধিকাৰ সৈতে অনন্তৰ বিয়া।

Featured