অসুস্থ স্বেচ্ছাসেৱকঃ বন্ধ হৈ পৰিল জনছন এণ্ড জনছনৰ ক’ৰোনা ভেকছিনৰ অন্তিম পৰ্যায়ৰ ট্রায়েল

নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰঃ ক’ৰোনাৰ ভেকচিন তৈয়াৰ হৈ থকাৰ মাজতে আহিছে এক দুঃসংবাদ। অক্সফোর্ড-এষ্ট্ৰোজেনেকাৰ পাছত এইবাৰ সাময়িকভাবে বন্ধ হ’ল জনছন এণ্ড জনছনৰ(Johnson & Johnson ) দ্বাৰা তৈয়াৰী ক’ৰোনা ভেকচিনৰ ট্রায়েল। ভেকচিন লোৱাৰ পাছত কেইবাজনো স্বেচ্ছাসেৱক অপ্রত্যাশিতভাবে অসুস্থ হৈ পৰাত ট্রায়েল বন্ধ কৰাৰ সিদ্ধান্ত ল’লে বিশ্বখ্যাত এই সংস্থাটোৱে।

উল্লেখ্য যে আন আন সংস্থাৰ সমান্তৰালকৈ জনছন এণ্ড জনছন ক;ৰোনাৰ প্ৰতিষেধক প্ৰস্তুতৰ ক্ষেত্ৰত আগত আছিল। তৃতীয় পর্যায়ৰ ‘লার্জ স্কেল’ ট্রায়েলৰ পথতে ঘটিল অঘটন। ভেকচিন লৈ অসুস্থ হৈ পৰিল বহুকেইজন স্বেচ্ছাসেৱক।

ইপিনে সংস্থাটোৰ ফালৰ পৰা জনোৱা হৈছে যে বৰ্তমান স্বেচ্ছাসেৱককেইজনৰ শাৰীৰিক অসুস্থতাৰ কাৰণ ক’ৰোনাৰ সেই ভেকচিন নে আন কিবা সেই সন্দৰ্ভত পৰীক্ষা কৰা হৈছে। যদি অসুস্থাৰ কাৰণ ক’ৰোনাৰ ভেকচিন নহয় তেন্তে পুনৰ মানৱ শৰীৰত প্ৰয়োগ কৰা আৰম্ভ কৰিব।

স্মৰ্তব্য যে জনছন এণ্ড জনছনৰ সূত্রত প্ৰকাশ মতে, এই ভেকছিন প্রয়োগে ৯৮ শতাংশ ভলন্টিয়াৰৰ শৰীৰত ক’ৰোনাৰ বিৰুদ্ধে মোকাবিলা কৰিবলৈ এন্টিবডি (Antibody) তৈয়াৰ কৰিবলৈ সক্ষম হৈছে। ভেকছিন দিয়াৰ ২৯ দিন পাছত এই এন্টিবডি তৈয়াৰ হয়। সেই ফলৰ উপৰত নির্ভৰ কৰি তৃতীয় পর্যায়ৰ ‘লার্জ স্কেল’ ট্রায়েলৰ প্রস্তুতি আৰম্ভ কৰিছিল জনছন এণ্ড জনছনে। এই পর্যায়ত ৬০ হাজাৰ যুৱক-যুৱতীৰ উপৰত ভেকচিন প্রয়োগ কৰাৰ কথা আছিল। অনলাইনত স্বেচ্ছাসেৱীসকলৰ নাম নথিভুক্তকৰণো আৰম্ভ হৈছিল। কিন্তু ইয়াৰ মাজতে অপ্রত্যাশিতভাবে স্বেচ্ছাসেৱী অসুস্থ হৈ পৰাত স্থগিত কৰি দিলে স্বেচ্ছাসেৱীসকলৰ নাম নথিভুক্তকৰণো।

Featured