লাডাখত চীনক প্রত্যুত্তৰ দিবলৈ নির্মাণ ‘জোৰাবৰ’

🔹 শীতল মৰুভূমিত পৰীক্ষা চলিছে ডিআৰডিঅ’ৰ দ্বাৰা নির্মিত পাতল যুদ্ধ টেংকৰ

বিশেষ বাৰ্তা, ১৩ জানুৱাৰী : চলিত বর্ষৰ ভিতৰতে অনন্য সাফল্যৰ মুখ দেখিবলৈ আগবাঢ়িছে ভাৰতীয় প্রতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডিঅ’)৷ যোৱা বছৰৰ মার্চ মাহত প্রতিৰক্ষা মন্ত্রণালয়ে দেশীয় প্রযুক্তিত পাতল টেংক নির্মাণৰ কথা ঘোষণা কৰিছিল৷ সেই লক্ষ্যৰে নির্মাণ কৰা ‘জোৰাবৰ’ টেংকৰ পৰীক্ষা আৰম্ভ হ’ল লাডাখৰ শীতল মৰুভূমিত৷ এনে পাতল টেংকৰ প্রয়োজনীয়তা অনুভৱ কৰা হৈছিল ৪ বছৰ পূর্বেই৷ ২০২০ৰ আগষ্টত লাডাখৰ গালৱান উপত্যকাত চীনা সেনাৰ আক্রমণত ২০গৰাকী ভাৰতীয় সেনা জোৱানৰ মৃত্যু হৈছিল৷ সম্ভাব্য চীনা আক্রমণৰ আশংকাত প্রকৃত নিয়ন্ত্রণ ৰেখা (এলএচি)ত পাতল টেংক মোতায়েন কৰাৰ প্রয়োজনীয়তা অনুভৱ কৰিছিল প্রতিৰক্ষা মন্ত্রণালয়ে৷ ডিআৰডিঅ’ৰ দ্বাৰা নির্মাণ কৰা অর্জুন, ৰুছ টি–৯০ (ভীস্ম), টি–৭২ (অজেয়) ওজনত গধুৰ হোৱা বাবে লাডাখৰ পাহাৰীয়া অঞ্চলৰ যুদ্ধৰ বাবে উপযুক্ত নহয় বুলি সেনাই ঘোষণা কৰি আহিছে৷ গতিকে দুর্গম অঞ্চলৰ বাবে পাতল যুদ্ধ টেংকৰ প্রয়োজনীয়তাৰ কথা দোহাৰি অহা হৈছিল৷ চীনে লাডাখৰ এলএচিৰ সিপাৰে পাতল টেংক জেডটিকিউ–১৫ মোতায়েন কৰি ৰাখিছে৷ এইবাৰ ভাৰতে লাডাখত চীনক প্রত্যুত্তৰ দিবলৈ ‘জোৰাবৰ’ গুৰুত্বপূর্ণ অস্ত্র হিচাপে লাভ কৰিব৷ ডিআৰডিঅ’ৰ এই পৰীক্ষা সফল হোৱাৰ পিছতে বর্ষটোৰ শেষৰফালে সেনাৰ হাতত তুলি দিয়া হ’ব ‘জোৰাবৰ’৷ অর্থাৎ আগ্রাসী চীনৰ বিৰুদ্ধে সেনাই নির্ভৰযোগ্য অস্ত্র লাভ কৰাৰ সম্ভাৱনা উজ্জ্বল হৈ পৰিছে৷ এই ক্ষেত্রত ‘আত্মনির্ভৰ ভাৰত’ৰ শ্ল’গানক অধিক গুৰুত্ব দিছে প্রতিৰক্ষা মন্ত্রণালয়ে৷

Featured