আমেৰিকাত জনপ্রিয়তাত ট্রাম্পক অতিক্রম কমলা হেৰিছৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ জুলাইঃ এতিয়াও আনুষ্ঠানিকভাৱে ৰাষ্ট্রপতি পদৰ প্রার্থী হিচাপে কমলা হেৰিছৰ নাম ঘোষণা কৰা নাই ডেম’ক্রেটিক পার্টীয়ে৷ কিন্তু জনপ্রিয়তাৰ বিচাৰত ইতিমধ্যে আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনৰ ৰিপাব্লিকান প্রার্থী ড’নাল্ড ট্রাম্পক অতিক্রম কৰিছে হেৰিছে৷ যোৱা দুদিনত সংবাদ সংস্থা ৰয়টার্ছ–ইপছ’ছৰ জনমত সমীক্ষা চলোৱা হৈছিল৷ এই সমীক্ষাৰ ফলাফল অনুসৰি ৪৪ শতাংশ ভোটদাতা ৰাষ্ট্রপতি পদৰ পছন্দৰ প্রার্থী বর্তমানৰ উপ–ৰাষ্ট্রপতি কমলা হেৰিছ৷ আনহাতে প্রাক্তন ৰাষ্ট্রপতি তথা ৰিপাব্লিকান দলৰ ৰাষ্ট্রপতি পদৰ প্রার্থী ড’নাল্ড ট্রাম্পৰ পক্ষত ৪২ শতাংশ ভোটাৰে সমর্থন জনাইছে৷ ভাৰতীয় বংশোদ্ভৱ ডেম’ক্রেট নেত্রী কমলা হেৰিছ আমেৰিকাৰ ইতিহাসত প্রথম মহিলা উপ-ৰাষ্ট্রপতি৷ আগন্তুক ৫ নৱেম্বৰত আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনত জয়ী হ’লে দেশখনত প্রথম মহিলা ৰাষ্ট্রপতি হোৱাৰ নজিৰো সৃষ্টি কৰিব কমলা হেৰিছে৷ বিদায়ী ৰাষ্ট্রপতি জ’ বাইডেনে হোৱাইট হাউছৰ দৌৰৰ পৰা নিজৰ নাম প্রত্যাহাৰ কৰাৰ লগে লগে ডেম’ক্রেটিক পার্টীৰ অভ্যন্তৰত বাইডেনৰ উত্তৰসুৰী হিচাপে কমলা হেৰিছৰ নাম চর্চালৈ আহিছে৷ অৱশ্যে এতিয়ালৈকে ডেম’ক্রেটিক পার্টীয়ে আনুষ্ঠানিকভাৱে কমলা হেৰিছৰ নাম ঘোষণা কৰা নাই৷ ইয়াৰ বাবে আৰু দুসপ্তাহ অপেক্ষা কৰিব লাগিব কমলা হেৰিছে৷ ৭ আগষ্টত আনুষ্ঠানিকভাৱে ডেম’ক্রেটিক পার্টীৰ অধিৱেশন আয়োজন কৰা হ’ব৷ এই অধিৱেশনত ৰাষ্ট্রপতি পদপ্রার্থী আৰু উপ–ৰাষ্ট্রপতি পদৰ প্রার্থীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰিব দলটোৱে৷ লক্ষণীয়ভাৱে আমেৰিকাৰ ইতিহাসত প্রথমবাৰলৈ কোনো অশ্বেতাংগ মহিলাই ৰাষ্ট্রপতি নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ পথ প্রশস্ত হৈছে৷ ৰাজনৈতিক বিশ্লেষকসকলৰ মতে আমেৰিকাত উপ-ৰাষ্ট্রপতি কমলা হেৰিছৰ বিশেষ জনপ্রিয়তা আছে৷ নেতৃগৰাকীয়ে ৰাষ্ট্রপতি নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিলে নির্বাচিত হোৱাৰ সম্ভাৱনা অধিক বুলিও একাংশই ধাৰণা কৰিছে৷

Featured